NORTHEAST NOW (Assamese)
অসম

সৰুসজাইত স্বৰ্ণ জয়েৰে এছিয়াডলৈ ‘ধিং এক্সপ্ৰেছ’ হিমা দাস

Posted by: এন ই নাও নিউজ June 28, 2018 6:47 am
HimaDas-1-570x320

সৰুসজাইত বুধবাৰে সকলোকে চমকিত কৰি অসমৰ এথলেটিকছ ক্ষেত্ৰখনৰ আশাৰ বন্তি ‘ধিং এক্সপ্ৰেছ’ হিমা দাসে ২০০ মিটাৰ দৌৰত স্বৰ্ণ পদক জয়েৰে সোণালী ভৱিষ্যতৰ দিশে আৰু এঢাপ আগুৱালে।

কিনকিনিয়া বৰষুণৰ মাজতে বুধবাৰে সৰুসজাইৰ ট্ৰেকত মসৃন গতিৰে হিমাই  ষ্টাৰ্টিং ব্লকৰ পৰা ওলাই ফিনিশ্বিং ব্লকত উপনীত হোৱা দেখি সকলোৱে উৎফুল্লিত হৈ পৰে। অসম তথা অসমীয়াৰ গৌৰৱ হিমাৰ এই সাফল্যই অসমৰ এথলেটিকছৰ ক্ষেত্ৰখনক এটা নতুন মাত্ৰা আনি দিলে।

মাত্ৰ দুদিনমান আগতে এখন সংবাদ মেলত ট্ৰেকৰ ৰাণী পি টি ঊষা আৰু ভাৰতীয় এথলেটিকছ দলৰ সহ: প্ৰশিক্ষক নায়াৰে হিমা দাসক এছিয়াডত ভাৰতৰ আশাৰ ভঁৰাল বুলি মন্তৱ্য কৰিছিল। তেওঁলোকৰ এই মন্তৱ্যক যেন মান্যতা প্ৰদান কৰিলে সৰুসজাইত হিমাৰ এই সাফল্যই।

দুগৰাকীকৈ অলিম্পিয়ান দূতি চান্দ আৰু শ্ৰাৱণী নন্দাৰ দৰে খেলুৱৈক দীঘলীয়া ষ্ট্ৰাইডেৰে মসৃনভাৱে অতিক্ৰম কৰি ২৩.১০ ছেকেণ্ডেৰ ২০০ মিটাৰত হিমাই স্বৰ্ণ জয় কৰে। হিমাৰ এই সফলতাৰ লগে লগে ক্ৰীড়া প্ৰেমীৰ মাজত এক নতুন আশাৰ সঞ্চাৰ হ’ল।

সাংবাদিকৰ আগত হিমাই প্ৰকাশ কৰিছে যে এছিয়াডলৈ আৰু দুমাহ বাকী আছে। চেষ্টা কৰিম। হাঁহি বিৰিঙাবলৈ চেষ্টা কৰিম।