NORTHEAST NOW (Assamese)
অসম

শিক্ষাৰ মান উন্নত কৰাৰ লক্ষ্য : ধুবুৰীত ৩০ জুনৰ পৰা আৰম্ভ হ’ব জন আন্দোলন কাৰ্যসূচী

Posted by: এন ই নাও নিউজ June 28, 2018 10:31 am
NITI-Aayog-570x320

ৰাজ্যৰ ভিতৰুৱা অঞ্চলসমূহৰ লগতে ধুবুৰী জিলাৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ত শিক্ষাৰ মান উন্নত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে ক্ষেত্ৰভিত্তিক পৰ্যৱেক্ষণ কৰাৰ বাবে  তৃতীয় পক্ষ এটাক দায়িত্ব অৰ্পণ কৰিছে। ধুবুৰী জিলাৰ চৰকাৰী বিদ্যালয়সমূহত চলি খকা আসোঁৱাহসমূহ দূৰীকৰণৰ বাবে তৃতীয় পক্ষ হিচাপে দায়িত্ব লাভ কৰা পীৰামল ফাউণ্ডেচন আৰু নিটি আয়োগৰ সৈতে ধুবুৰী জিলা শিক্ষা বিভাগৰ আলোচনাৰ পাছতে এক জন আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

অহা ৩০ জুনৰ পৰা ধুবুৰী জিলাত আৰম্ভ হ’ব এই জন আন্দোলনৰ কাৰ্যসূচী। এই উদ্দেশ্যে মঙলবাৰে নিটি আয়োগৰ টানিয়া নাৰায়ণ আৰু সদাশিৱ ৰেড্ডিৰ উপস্থিতিত ধুবুৰী জিলাৰ শিক্ষা বিষয়াসকলৰ সৈতে হোৱা এক আলোচনাত উক্ত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

জানিব পৰা মতে, গৌৰীপুৰ শিক্ষা খণ্ডৰ অধীনস্থ সমূহ বিআৰচি আৰু চিআৰচিৰ উপস্থিতত  মঙলবাৰৰ অনুষ্ঠিত সভাত গৌৰীপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আবুল কালাম আহমেদক সভাপতি, দিলীপ কুমাৰ ৰয়ক সম্পাদক, আন পাঁচগৰাকীক উপ-সভাপতি হিচাপে লৈ এখন পূৰ্ণাংগ কমিটী গঠন কৰা হৈছে।

নিটি আয়োগৰ প্ৰতিনিধি টানিয়া নাৰায়ণে জনোৱা মতে অহা ৩০ জুনৰ পৰা নতুনকৈ গঠন হোৱা উক্ত সমিতিৰ কৰ্মকৰ্তাসকলে প্ৰতিখন বিদ্যালয়ত উপস্থিত হৈ শিক্ষক-শিক্ষয়িত্ৰী আৰু পৰিচালনা সমিতিৰ লগতে অভিভাৱকৰ সৈতে বৈঠকত মিলিত হ’ব। উক্ত বৈঠকত বিদ্যালয়ৰ সমস্যা আৰু আঁসোৱাহ সন্দৰ্ভত আলোচনা কৰা হ’ব তেওঁ বুলি জানিবলৈ দিয়ে।

আনহাতে, এই ক্ষেত্ৰভিত্তিক পৰ্যৱেক্ষণৰ বাবে গৌৰীপুৰ শিক্ষা খণ্ডৰ ৪০ গৰাকী ক্লাষ্টাৰ, ৫৫০খন বিদ্যালয়ৰ ২২০০ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক নিয়োগ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।