NORTHEAST NOW (Assamese)
অসম

সত্ৰনগৰীত পৰিৱৰ্তনৰ চমক! মাজুলীত নাও ভাড়া কৰি বিদ্যালয়লৈ অহা যোৱা শিক্ষাৰ্থীৰ

Posted by: মিটু খাটনিয়াৰ June 28, 2018 12:30 pm
ATTACHMENT

বিধ্বস্ত যাতায়াত ব্যৱস্থাৰ ফলত নাজল-নাথল অৱস্থাৰ সৃষ্টি হৈছে মাজুলীৰ সোঁতৰখনকৈ গাঁৱৰ লোকৰ। ব্ৰহ্মপুত্ৰৰ এটি সুঁতিয়ে ভকত চাপৰি আৰু কমলাবাৰী সংযোগী পথ বিচ্ছিন্ন কৰি তোলাত মাজুলীৰ ভকত চাপৰিৰ ১৭ খনকৈ গাঁৱৰ কৃষিজীৱী লোকসকল সন্মুখীন হৈছে ব্যাপক সমস্যাৰ।

উল্লেখযোগ্য ইয়াৰ ফলত বৃহৎ অঞ্চলটোৰ ছাত্ৰ- ছাত্ৰীসকলে এতিয়া বিদ্যালয়লৈ আহোতে যাওঁতে এদিনত প্ৰতিজনে ঘাটত দহ টকাকৈ মাহে তিনিশ টকা দি পাৰাপাৰ হ’ব লগা হৈছে। অঞ্চলটোৰ সৰহসংখ্যক ছাত্ৰ- ছাত্ৰীয়েই সুঁতিটো পাৰ হৈ আউনীআটী, কমলাবাৰী, জুগুনিধাৰী, বৰটানি আদিত থকা বিদ্যালয়সমূহলৈ পাঠ গ্ৰহণৰ বাবে আহিবলগা হয়।

বৰ্তমান সুঁতিটোৱে অঞ্চলটোক বিচ্ছিন্ন কৰি পেলোৱাত ছাত্ৰ- ছাত্ৰীসকল ভয়ংকৰ আহুকালৰ সন্মুখীন হৈছে। গড়কাপ্তানি বিভাগেও ঘাটটোত কোনো নাৱৰ ব্যৱস্থা আজিকোপতি নকৰাত কোনো লোকে ব্যক্তিগতভাৱে নাৱৰ ব্যৱস্থা কৰিছে। মাজুলীৰ শইচৰ ভঁৰালস্বৰূপ ভকত চাপৰিৰ বৃহৎ অঞ্চলটোৰ ৰাইজে সুঁতিটোৰ ওপৰত এখন স্থায়ী দলং নিৰ্মাণৰ বাবে চৰকাৰক বহু আবেদন- নিবেদন কৰিও আজিলৈকে কোনো সুফল লাভ কৰা নাই ।

প্ৰতিবছৰেই ৰাইজে গাঁঠিৰ ধন ভাঙি সুঁতিটোৰ ওপৰত অস্থায়ী বাঁহৰ দলং দি অহাৰ বিপৰীতে যোৱা বছৰ বিভাগৰ ফালৰ পৰা ৬৫ হাজাৰ ব্যয় সাপেক্ষে এখন বাঁহ-কাঠৰ দলং নিৰ্মাণ কৰিছিল। যদিও সেইবছৰেই বানে দলঙখন উটুৱাই নিয়াত সম্প্ৰতি পুনৰ অঞ্চলবাসী ভীষণ সমস্যাৰ সন্মুখীন হৈছে। মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিৰ এই বিপন্ন যাতায়াত অৱস্থাৰ পৰা পৰিত্ৰান বিচাৰি অঞ্চলবাসীয়ে বৃহত্তৰ স্বাৰ্থত সুঁতিটোত বৰ্তমান চৰকাৰীভাৱে এখন নাৱৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছে।