NORTHEAST NOW (Assamese)
Popular Stories

ওমানৰ উপকূলত বাণিজ্যিক জাহাজ জি এফ এছ গেলেক্সীত আক্ৰমণ: দহজন ভাৰতীয়ক উদ্ধাৰ, এজন সন্ধানহীন

Posted by: এন ই নাও নিউজ. গুৱাহাটী Updated by: এন ই নাও নিউজ. গুৱাহাটী July 12, 2026 5:02 pm
ওমানৰ উপকূলত বাণিজ্যিক জাহাজ জি এফ এছ গেলেক্সীত আক্ৰমণ: দহজন ভাৰতীয়ক উদ্ধাৰ, এজন সন্ধানহীন

দেওবাৰে পুৱা পশ্চিম এছিয়াত যুদ্ধসদৃশ পৰিস্থিতি অব্যাহত থকাৰ মাজতে ওমানৰ উপকূলত জি এফ এছ গেলেক্সী নামৰ এখন বাণিজ্যিক জাহাজত সংঘটিত হোৱা এক ভয়ংকৰ আক্ৰমণৰ ফলত এজন ভাৰতীয় নাগৰিক সন্ধানহীন হোৱাৰ বিপৰীতে আন দহজনক উদ্ধাৰ কৰা হৈছে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি জাহাজখনত মুঠ এঘাৰজন ভাৰতীয় নাগৰিক আছিল আৰু বৰ্তমান সন্ধানহীন হৈ থকা লোকজনৰ উদ্ধাৰৰ বাবে ওমান কৰ্তৃপক্ষৰ সৈতে মিলি অভিযান চলাই থকা হৈছে বুলি সদৰী কৰিছে।

আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ডৰ উদ্ধৃতি দি সংবাদ সংস্থা এ এফ পিয়ে প্ৰকাশ কৰা মতে, আক্ৰমণৰ ফলত ইঞ্জিন ৰুমত জুই লগাৰ লগতে বিস্তৰ ক্ষতিসাধন হোৱাৰ বাবে জাহাজখন সম্পূৰ্ণৰূপে বিকল হৈ পৰিছিল। যুক্তৰাজ্যৰ মেৰিটাইম ট্ৰেড অপাৰেচনৰ সূত্ৰৰ ভিত্তিত প্ৰকাশিত খবৰ অনুসৰি, পৰিস্থিতি বেয়াৰ ফালে যোৱাত জাহাজৰ কৰ্মচাৰীসকলে জাহাজখন এৰি এখন লাইফব’টত আশ্ৰয় লয়। একে সময়তে ইৰানে এই আক্ৰমণ সংঘটিত কৰা বুলি আমেৰিকাই অভিযোগ উত্থাপন কৰিছে।

অঞ্চলটোত বাণিজ্যিক জাহাজসমূহৰ ওপৰত ধাৰাবাহিকভাৱে চলি থকা আক্ৰমণক লৈ ভাৰতে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে অঞ্চলটোত শান্তি আৰু অৱস্থাৰ সুস্থিৰতা ঘূৰাই আনিবলৈ তাৎক্ষণিকভাৱে উত্তেজনা হ্ৰাস কৰাৰ লগতে চলি থকা আলোচনাৰ জৰিয়তে এক কূটনৈতিক সমাধানত উপনীত হোৱাৰ আহ্বান জনাইছে। আন্তঃৰাষ্ট্ৰীয় আইন মানি চলি অঞ্চলটোৰ আন্তঃৰাষ্ট্ৰীয় জলপথত বাণিজ্যিক জাহাজ আৰু অসামৰিক আন্তঃগাঁথনিৰ ওপৰত আক্ৰমণ বন্ধ কৰিবলৈ আৰু বাধাহীন নৌ পৰিবহণ অতিশীঘ্ৰে পুনৰুদ্ধাৰ কৰিবলৈ ভাৰত চৰকাৰে দাবী জনাইছে।

শেহতীয়া এই আক্ৰমণৰ পূৰ্বে ইৰানে দেওবাৰে হৰমুজ প্ৰণালী বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল আৰু আমেৰিকাৰ আক্ৰমণৰ প্ৰত্যুত্তৰত উপসাগৰীয় চুবুৰীয়া দেশসমূহলৈ মিছাইল আৰু ড্ৰোন নিক্ষেপ কৰিছিল। উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে যুদ্ধবিৰতি সমাপ্ত হোৱা বুলি ঘোষণা কৰাৰ কেইঘণ্টামানৰ পাছতেই আমেৰিকাৰ সামৰিক বাহিনীয়ে ইৰানৰ ওপৰত নতুনকৈ আক্ৰমণ চলাইছিল। ইয়াৰ প্ৰত্যুত্তৰত ইৰানে বাহৰেইন, কুৱেইট আৰু কাটাৰৰ কেইবাটাও স্থানত আক্ৰমণ সংঘটিত কৰে। ইয়াৰ পূৰ্বে মঙলবাৰে হৰমুজ প্ৰণালীৰে পাৰ হৈ যোৱা তিনিখন তৰলীকৃত প্ৰাকৃতিক গেছ আৰু খাৰুৱা তেলৰ টেংকাৰৰ ওপৰত ইৰানে চলোৱা বুলি অভিযোগ উঠা আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে বুধবাৰে আমেৰিকাই ইৰানত আক্ৰমণ চলাইছিল।

স্মৰ্তব্য যে যোৱা ১৫ জুনত আমেৰিকা আৰু ইৰানৰ মাজত যুদ্ধ বন্ধ কৰিবলৈ আৰু বাণিজ্যিক জাহাজৰ বাবে প্ৰণালীটো পুনৰ মুকলি কৰিবলৈ এক মধ্যৱৰ্তীকালীন চুক্তি হৈছিল। দুয়োখন দেশে দুমাহৰ ভিতৰত চূড়ান্ত শান্তি চুক্তিত উপনীত হোৱাৰ লক্ষ্যৰে ছুইজাৰলেণ্ডতো আলোচনাত মিলিত হৈছিল। অৱশ্যে শান্তি চুক্তিৰ প্ৰয়াসৰ মাজতো যোৱা এসপ্তাহত দুয়োখন দেশৰ মাজত পুনৰ কেইবালানিও গুলীয়াগুলী আৰু ভাবুকিৰ  দিয়া পৰিলক্ষিত হৈছে।

বৰ্তমান পশ্চিম এছিয়াত পৰিস্থিতি অতিশয় অস্থিৰ হৈ থকাৰ মাজতে ওমানৰ উপকূলত সংঘটিত এই শেহতীয়া আক্ৰমণে সমগ্ৰ অঞ্চলটোৰ নিৰাপত্তাৰ প্ৰতি এক বৃহৎ ভাবুকি কঢ়িয়াই আনিছে। এনে এক উত্তেজনাপূৰ্ণ পৰিৱেশৰ মাজতো সন্ধানহীন হৈ থকা ভাৰতীয় নাগৰিকজনক নিৰাপদে উদ্ধাৰ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষই নিৰন্তৰ প্ৰচেষ্টা আৰু অনুসন্ধান অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে।