‘মোক ৰখাবলৈ অনুৰোধ নকৰিব, চৰকাৰক প্ৰশ্ন কৰক’, অনশন মঞ্চৰ পৰা সোনম ৱাংচুকৰ বাৰ্তা

দেশৰ ৰাজধানী দিল্লীত যোৱা ১৮ দিন ধৰি এক কঠোৰ সংগ্ৰাম চলি আছে। কিন্তু কেন্দ্ৰ চৰকাৰ এতিয়াও নিমাত। বুধবাৰ, ১৫ জুলাইত সমাজকৰ্মী আৰু শিক্ষাবিদ সোনম ৱাংচুকৰ আমৰণ অনশন ১৮ দিনত ভৰি দিছে। সময় যোৱাৰ লগে লগে তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছে আৰু শৰীৰত মাৰাত্মক জটিলতা দেখা দিছে। তথাপিও নিজৰ দাবীত অটল থাকি সোনমে স্পষ্টকৈ কৈছে যে তেওঁক অনশন ভংগ কৰিবলৈ অনুৰোধ কৰাৰ সলনি চৰকাৰক প্ৰশ্ন কৰিব লাগে কিয় তেওঁলোকে সাধাৰণ আলোচনাত বহিবলৈ মান্তি হোৱা নাই।
দিল্লীৰ যন্তৰ মন্তৰত অনশন কৰি থকা সোনম ৱাংচুকৰ শাৰীৰিক অৱস্থাৰ দৈনিক খবৰ ছচিয়েল মিডিয়াত দি আছে ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দিপকেই। মঙলবাৰে নিশা তেওঁ দিয়া খবৰে সমগ্ৰ দেশতে উদ্বেগ বঢ়াই তুলিছে। দিপকে জনোৱা মতে, অনশনৰ ফলত ৱাংচুকৰ শৰীৰৰ পেশীৰ ভৰ দ্ৰুতগতিত কমিবলৈ আৰম্ভ কৰিছে। তেওঁ তীব্ৰ যন্ত্ৰণাত ভুগি আছে যদিও প্ৰতিবাদৰ পথৰ পৰা আঁতৰি আহিবলৈ একেবাৰেই মান্তি হোৱা নাই। যোৱা ২৮ জুনত অনশন আৰম্ভ কৰাৰ পৰা এতিয়ালৈকে তেওঁৰ প্ৰায় ৮.৪ কিলোগ্ৰাম ওজন কমিছে আৰু ৰক্তচাপ ১০৯/৭০ লৈ নামিছে।
সোনম ৱাংচুকৰ এই অৱস্থা দেখি দেশৰ আগশাৰীৰ বিৰোধী ৰাজনৈতিক নেতাসকলে তেওঁক অনশন ভংগ কৰিবলৈ অনুৰোধ জনাইছে। সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ, মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে আৰু আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালেও তেওঁৰ স্বাস্থ্যক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। কেজৰিৱালে বৃহস্পতিবাৰে আন্দোলনকাৰীসকলক লগ কৰিবলৈ যন্তৰ মন্তৰলৈ যোৱাৰ কথাও ঘোষণা কৰিছে। আনহাতে তৃণমূল নেত্ৰী মমতা বেনাৰ্জী আৰু সাংসদ মহুৱা মৈত্ৰয়ো ফোন আৰু ছচিয়েল মিডিয়াৰ জৰিয়তে তেওঁক অনশন প্ৰত্যাহাৰ কৰি যুঁজ চলাই যাবলৈ আহ্বান জনাইছে। ইয়াৰ উপৰিও অৰুন্ধতী ৰয়, নাছিৰুদ্দিন শ্বাহ, ৰত্না পাঠক শ্বাহ, জয়তী ঘোষ, স্বৰা ভাস্কৰ, জীনাত আমন, ৰুবিনা দিলাইককে ধৰি বিশিষ্ট বুদ্ধিজীৱী আৰু শিল্পীসকলেও তেওঁৰ প্ৰতি সমৰ্থন আগবঢ়াইছে।
দিল্লীৰ এই তীব্ৰ গৰমত কেৱল সোনম ৱাংচুকেই নহয়, তেওঁৰ লগতে একাংশ ছাত্ৰ আন্দোলনকাৰীয়েও একেৰাহে অনশন চলাই আছে। ইয়াৰে এজন ছাত্ৰৰ অৱস্থা সংকটজনক হোৱাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই প্ৰতিবাদকাৰীসকলৰ মূল দাবী হৈছে নিট ইউজি ২০২৬ সহ বিভিন্ন সৰ্বভাৰতীয় পৰীক্ষাত হোৱা দুৰ্নীতিৰ দায়িত্ব লৈ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগে আৰু পৰীক্ষাৰ খেলিমেলিৰ বাবে আত্মহত্যা কৰা ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালক এক কোটি টকাকৈ ক্ষতিপূৰণ দিব লাগে। এই দাবীসমূহক লৈ আন্দোলনকাৰীসকল পিছুৱাই যাবলৈ ৰাজি নহয়। অহা ২০ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ দিনাখন চিজেপি আৰু সোনম ৱাংচুকৰ সমৰ্থকসকলে শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত যন্তৰ মন্তৰৰ পৰা সংসদ ভৱনলৈ এক বিশাল শান্তিপূৰ্ণ পদযাত্ৰা উলিওৱাৰ সিদ্ধান্ত লৈছে।