প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

আজি প্ৰকাশ পালে বিশিষ্ট সাহিত্যিক আৰুণি কাশ্যপৰ নতুন উপন্যাস “হাউ টু ডেট এ ফেনেটিক”। সাম্প্ৰতিক ভাৰতবৰ্ষৰ ৰাজনৈতিক মেৰুকৰণ, ৰাষ্ট্ৰযন্ত্ৰৰ ক্ষমতা আৰু সামাজিক বিভাজনৰ মাজত সাধাৰণ মানুহে কেনেদৰে নিজৰ পথ বিচাৰি উলিয়াইছে, সেয়াই এই উপন্যাসখনৰ মূল বিষয়বস্তু হিচাপে দাঙি ধৰা হৈছে।
গণতন্ত্ৰ, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু সমাজৰ অৱহেলিত শ্ৰেণীৰ মাত— উপন্যাসখনৰ এই মূল বিষয়বোৰে আৰুণি কাশ্যপৰ কৰ্মজীৱনতো বাৰুকৈয়ে প্ৰভাৱ পেলাইছে। জৰ্জিয়া বিশ্ববিদ্যালয়ৰ ফ্ৰেংকলিন কলেজ অৱ আৰ্টছ এণ্ড ছায়েন্সেছৰ সৃষ্টিশীল লিখনী (ক্ৰিয়েটিভ ৰাইটিং) কাৰ্যসূচীৰ মুৰব্বী হিচাপে তেওঁৰ নেতৃত্বত এই চিন্তাধাৰাৰ স্পষ্ট প্ৰতিফলন ঘটিছে।
২০২২ চনত এই কাৰ্যসূচীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা কাশ্যপে ইয়াৰ আন্তঃৰাষ্ট্ৰীয় পৰিসৰ বৃদ্ধি কৰাত যথেষ্ট বৰঙণি যোগাইছে। সমগ্ৰ বিশ্বৰ লেখক, অনুবাদক আৰু পণ্ডিতসকলৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি কৰাৰ লগতে বিশ্ব সাহিত্যৰ লগত থকা বিশ্ববিদ্যালয়খনৰ পুৰণি সম্পৰ্কক তেওঁ নিজৰ প্ৰচেষ্টাৰে আৰু অধিক শক্তিশালী কৰি তুলিছে।