NORTHEAST NOW (Assamese)
Popular Stories

ভাঙি পৰিল সচিবালয়ৰ সন্মুখৰ গছৰ ডাল: কথমপি প্ৰাণ ৰক্ষা সাংবাদিক মহেশ ডেকাৰ, বিস্তৰ ক্ষতিসাধন বাহনৰ    

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 16, 2026 4:26 pm
ভাঙি পৰিল সচিবালয়ৰ সন্মুখৰ গছৰ ডাল: কথমপি প্ৰাণ ৰক্ষা সাংবাদিক মহেশ ডেকাৰ, বিস্তৰ ক্ষতিসাধন বাহনৰ      

গুৱাহাটী মহানগৰী এতিয়া যেন সৰ্বসাধাৰণ ৰাইজৰ বাবে এক মৰণফান্দত পৰিণত হৈছে। শেহতীয়াকৈ মহানগৰীৰ দিছপুৰস্থিত অসম সচিবালয়ৰ সন্মুখত এক ভয়ংকৰ ঘটনা সংঘটিত হয়। নৰ্থইষ্ট নাওৰ কাৰ্যবাহী সম্পাদক মহেশ ডেকাৰ বাহনৰ ওপৰত এজোপা কেইবাদশক পুৰণি গছৰ ডাল হঠাতে ভাঙি পৰে। গাড়ী ৰখাই থোৱা অৱস্থাত সংঘটিত হোৱা এই ঘটনাত সাংবাদিকগৰাকীৰ লগতে গাড়ীখনত থকা আন এজন সাংবাদিক চন্দন বৰগোহাঁইৰো কথমপি প্ৰাণ ৰক্ষা পৰে।

আনহাতে, কিছুদিন পূৰ্বে মহানগৰীৰ ভূতনাথ-কালীপুৰ অঞ্চলত সংঘটিত আন এক শোকাবহ ঘটনাত এগৰাকী মহাবিদ্যালয়ৰ ছাত্ৰী পৰিস্মিতা হাজৰিকাৰ অকাল মৃত্যু হোৱাৰ লগতে আন এজন ছাত্ৰ জ্যোতিৰ্ময় মোহনক গুৰুতৰভাৱে আহত হয়। ১২ জুনৰ শুকুৰবাৰে পুৱা পাণ্ডু মহাবিদ্যালয়ত পৰীক্ষা দিবলৈ স্কুটাৰেৰে গৈ থকা অৱস্থাত ছাত্ৰ-ছাত্ৰী দুজনৰ ওপৰত ৰেলপথৰ কাষত থকা এজোপা বিশাল শুকান গছ বাগৰি পৰে। প্ৰত্যক্ষদৰ্শীৰ মতে, ভৰলুমুখৰ ফালৰ পৰা আহি থকা অৱস্থাত গছজোপা হঠাৎ তেওঁলোকৰ স্কুটাৰখনৰ ওপৰত খহি পৰে।

এনেবোৰ ঘটনাক লৈ এতিয়া সচেতন মহলৰ মাজত তীব্ৰ উদ্বেগ আৰু ক্ষোভৰ সৃষ্টি হৈছে। বিভিন্ন কাৰণত গছ কাটিবলৈ তৎপৰ হৈ থকা বৰ্তমানৰ বিজেপি চৰকাৰখনে বাৰিষাৰ সময়ত এনে বিপদজনক শুকান গছ বা ডালসমূহ কাটি পেলোৱাৰ কিয় কোনো আগতীয়া ব্যৱস্থা গ্ৰহণ কৰা নাই, সেয়া ৰাইজৰ বাবে এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। সচিবালয়ৰ সন্মুখৰ যিজোপা গছৰ ডাল খহি পৰিছে, তাৰ তলেৰে দৈনিক হাজাৰ হাজাৰ লোকে খোজকাঢ়ি অহা-যোৱা কৰে। তাত ছাঁ লৈ জিৰণি লোৱা বাটৰুৱাৰ লগতে চাহ আৰু ফলমূলৰ ৰস বিক্ৰী কৰা বহুতো সৰু দোকানীও থাকে। যদি ব্যস্ত সময়ত এনেদৰে গছৰ ডাল বা ঠেঙুলি খহি কোনো নিৰীহ লোকৰ প্ৰাণহানি হয়, তেন্তে ইয়াৰ বাবে চৰকাৰ আৰু প্ৰশাসন দায়ী নহবনে বুলিও এতিয়া সৰ্বত্ৰে প্ৰশ্ন উত্থাপন হৈছে।