NORTHEAST NOW (Assamese)
অসম

দ্বাদশ পেৰাৰ ছাৰ্জিকেল ষ্ট্ৰাইকত এনএছচিএন খাপলাঙৰ ৫জন সদস্য নিহত

Posted by: এন ই নাও নিউজ June 28, 2018 7:38 pm
gun-570x320

ভাৰতীয় সেনা বাহিনীৰ পেৰাচুট ৰেজিমেণ্টৰ অংশ সন্ত্ৰাস বিৰোধী বিশেষ গোট দ্বাদশ পেৰা এছ এফৰ এটা গোটে এনএছচিএন-খাপলাং গোটৰ শিবিৰত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰে। এনএছচিএন খাপলাং গোটৰ এই শিবিৰটো ম্যানমাৰৰ ৩ কি: মি: ভিতৰত অৱস্থিত। এই শেহতীয়া ছাৰ্জিকেল ষ্ট্ৰাইকত এনএছচিএন খাপলাং গোটৰ ৫জন সদস্য নিহত হয়।

সেনাবাহিনীৰ এটা সূত্ৰই নৰ্থ-ইষ্ট নাওৰ আগত সদৰি কৰিছে দ্বাদশ পেৰাৰ গোটটোৱে এনএছচিএন খাপলাং গোটৰ শ্বৱেলো কেম্পৰ ওচৰত অৱস্থিত এটা নিৰীক্ষণ চকীত আক্ৰমণ সংঘটিত কৰে। এই কেম্পটো ভাৰত-ম্যানমাৰ সীমাৰ ১৫১ নং তালাচী চকীৰ পৰা পৰা ৩ কি:মি: দূৰত ম্যানমাৰৰ ভূখণ্ডত অৱস্থিত।

পেৰা এছএফৰ গোটটোৱে বিদ্ৰোহী সংগঠনটোৰ ব্যাপক ক্ষতি কৰিবলৈ সক্ষম হয়।  দুয়ো পক্ষৰ মাজত প্ৰায় আধা ঘণ্টা ধৰি গুলিয়াগুলী চলে।

নিশেষ নিৰাপত্তা বাহিনীটোৱে অভিযানত ৰকেট লাঞ্চাৰ, অট’মেটিক গ্ৰেনেড লাঞ্চাৰ আৰু মৰ্টাৰ ব্যৱহাৰ কৰিছিল।

দ্বাদশ পেৰা গোটৰ কোনো হতাহত হোৱা নাই আৰু অভিযানৰ সফল সমাপ্তিৰ পাছত ২৭ তাৰিখে নিশা প্ৰায় ৪-০০বজাত গোটৰ আটাইকেইজন সদস্য তেওঁলোকৰ কেম্পলৈ উভতি আহে।

সমগ্ৰ অভিযানটো দুঘণ্টা ব্যাপি চলিছিল। নিশা ২-০০ বজাত অভিযান আৰম্ভ কৰি দ্বাদশ পেৰাৰ বিশেষ গোটটো ২৭ জুনৰ নিশা ৪-০০ বজাত কেম্পলৈ উভতি আহিছিল।

উল্লেখ্য যে ভাৰতীয় সেনাবিনীৰ পেৰা এছএফ গোটটোক বিশেষ অভিযান, প্ৰত্যক্ষ আক্ৰমণ, পণবন্দী উদ্ধাৰ, সন্ত্ৰাস বিৰোধী, অপৰম্পৰাগত যুদ্ধ, আভ্যন্তৰিণ সুৰক্ষা, বিস্তাৰ প্ৰতিৰোধী, বিচাৰি উলিয়াই ধ্বংস কৰা আৰু সহকৰ্মী উদ্ধাৰ আদি অভিযানত নিয়োজিত হয়।