বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

শিক্ষাব্যৱস্থাত হোৱা নানা অনিয়ম আৰু নিট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগক লৈ সমগ্ৰ দেশতে তীব্ৰ প্ৰতিবাদ চলি থকাৰ সময়তে এই বিতৰ্কৰ প্ৰভাৱ পৰিছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পৰিয়ালৰ ওপৰতো। ছচিয়েল মিডিয়াত তীব্ৰ সমালোচনা আৰু ট্ৰোলিঙৰ সন্মুখীন হৈ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টটোৱেই বন্ধ কৰি দিবলৈ বাধ্য হৈছে তেওঁৰ কন্যা নৈমিষা প্ৰধানে।
নিটসহ একাধিক প্ৰতিযোগিতামূলক পৰীক্ষাৰ অনিয়মক লৈ শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত সৰৱ হৈ পৰিছে ককৰোচ জনতা পাৰ্টিকে ধৰি বিভিন্ন ছাত্ৰ সংগঠন। দিল্লীত প্ৰায় এমাহ ধৰি আন্দোলন চলি আছে আৰু ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ শিক্ষাৰ্থী। এনে সময়তে একাংশ নেটিজেনে শিক্ষামন্ত্ৰীৰ পৰিয়ালৰ ফালে চকু দিয়ে। তেওঁলোকে নৈমিষা প্ৰধানৰ ব্যক্তিগত ইনষ্টাগ্ৰাম একাউণ্টটো বিচাৰি উলিয়ায় আৰু তাৰ পিছতেই আৰম্ভ হয় এদলীয়া আক্ৰমণ। তেওঁৰ বিভিন্ন ফটোৰ কমেণ্ট চেক্সনত ক্ষোভ আৰু ককৰ্থনাৰ বন্যা বৈ যায়।
ট্ৰোলাৰসকলৰ মূল আক্ৰমণৰ বিষয় আছিল নৈমিষাৰ উচ্চশিক্ষা। তেওঁলোকৰ প্ৰশ্ন আছিল, দেশৰ শিক্ষামন্ত্ৰীয়ে শিক্ষাব্যৱস্থাৰ দায়িত্বত থকাৰ পিছতো তেওঁৰ নিজৰ সন্তানে কিয় পঢ়া-শুনাৰ বাবে বিদেশলৈ গ’ল? ভাৰতৰ শিক্ষা ব্যৱস্থাৰ ওপৰত নিজৰ পৰিয়ালৰেই আস্থা নাই নেকি? উল্লেখযোগ্য যে, নৈমিষাই ২০২৩ চনত আমেৰিকাৰ টাফ্টছ ইউনিভাৰ্ছিটীৰ ফ্লেচাৰ স্কুলৰ পৰা আইনৰ ডিগ্ৰী (এল এল এম) সম্পূৰ্ণ কৰে আৰু বৰ্তমান তেওঁ ইউ এছ-ইণ্ডিয়া ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ ফোৰামত কৰ্মৰত।
এই বিতৰ্কৰ জুই কেৱল নৈমিষাৰ প্ৰফাইলতে আৱদ্ধ নাথাকিল। একাংশ নেটিজেনে তেওঁৰ প্ৰাক্তন শিক্ষানুষ্ঠান টাফ্টছ ইউনিভাৰ্ছিটীৰ অফিচিয়েল ছচিয়েল পেজতো কমেণ্ট কৰি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। দিল্লী আৰক্ষীয়ে শেহতীয়াকৈ আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ লগে লগে এই ডিজিটেল ট্ৰোলিং অধিক তীব্ৰ হৈ পৰে।
অৱশ্যে এই ঘটনাক লৈ ছচিয়েল মিডিয়াত দুটা ভিন্ন মত দেখা গৈছে। এদলে শিক্ষামন্ত্ৰীৰনীতিক লৈ প্ৰশ্ন উত্থাপন কৰাৰ বিপৰীতে আন এটা বৃহৎ অংশই এনে ব্যক্তিগত আক্ৰমণক তীব্ৰ গৰিহণা দিছে। তেওঁলোকৰ স্পষ্ট মত হ’ল, নৈমিষা কোনো চৰকাৰী পদত নাই বা তেওঁ কোনো ৰাজনৈতিক ব্যক্তি নহয়। সেয়েহে শিক্ষামন্ত্ৰীৰ কামৰ উত্তৰদায়িত্ব তেওঁৰ সন্তানৰ ওপৰত জাপি দিয়াটো অন্যায়।
চাইবাৰ বিশেষজ্ঞ আৰু ডিজিটেল অধিকাৰকৰ্মীসকলেও এই ঘটনাক টাৰ্গেটেড অনলাইন হেৰাচমেণ্ট বুলি অভিহিত কৰিছে। তেওঁলোকৰ মতে, ৰাজনীতিবিদসকলৰ নীতিগত সমালোচনা নিশ্চয়কৈ কৰিব পাৰি, কিন্তু তেওঁলোকৰ পৰিয়ালক অনলাইন ট্ৰোলিঙৰ বলি বনোৱাটো কোনো সুস্থ সমাজ বা ৰাজনৈতিক চৰ্চাৰ লক্ষণ হ’ব নোৱাৰে।
বৰ্তমান শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা নৈমিষাৰ কোনো ইনষ্টাগ্ৰাম একাউণ্টৰ অস্তিত্ব বিচাৰি পোৱা হোৱা নাই। বিৰোধী দলসমূহে ধাৰাবাহিকভাৱে শিক্ষামন্ত্ৰীৰ পদত্যাগ দাবী কৰি থকাৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰী মহলৰ দাবী যে বিৰোধীয়ে এই বিষয়টোক লৈ লেতেৰা ৰাজনীতি কৰিছে। সৰ্বোপৰি, এই ঘটনাটোৱে ডিজিটেল যুগত ৰাজনৈতিক প্ৰতিবাদৰ সীমা ক’ত হোৱা উচিত, সেই প্ৰশ্নটো পুনৰবাৰ সন্মুখলৈ লৈ আহিছে।