প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছে কৰা প্ৰতিবাদক লৈ তীব্ৰ সমালোচনা কৰিছে সমাজকৰ্মী ছোনম ৱাংচুকৰ পত্নী গীতাঞ্জলি আংমোৱে। যোৱা ২১ জুলাইত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু আন বহুতো নেতাই কৰা এই প্ৰতিবাদক তেওঁ আন্তৰিকতাবিহীন বুলি অভিহিত কৰিছে। তেওঁ কয় যে নেতাসকলে প্ৰধানমন্ত্ৰীৰ আৱাসৰ সন্মুখত প্ৰতিবাদ কৰাৰ সলনি যন্তৰ মন্তৰত গৈ শিক্ষাৰ্থীসকলৰ লগত থিয় দিয়া উচিত আছিল। পেপাৰ ফাদিলৰ বিৰুদ্ধে ছোনম ৱাংচুকৰ অনশনৰ মাজতে তেওঁৰ পত্নীয়ে এই মন্তব্য কৰিছে।
ইণ্ডিয়া টুডেক দিয়া এক সাক্ষাৎকাৰত গীতাঞ্জলিয়ে কয় যে ৰাজনীতিবিদসকলে এতিয়া ছোনম ৱাংচুক আৰু তেওঁৰ সুনামক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে। কিন্তু ৰাইজক আৰু মূৰ্খ সজাব নোৱাৰি, কিয়নো ভাৰতৰ মানুহ এতিয়া সজাগ হৈছে। যিসকলৰ আন্তৰিকতা নাই, তেওঁলোকক যুৱপ্ৰজন্মই খাৰিজ কৰিব বুলিও সমাজকৰ্মীগৰাকীয়ে উল্লেখ কৰে। যোৱা সপ্তাহত যন্তৰ মন্তৰৰ পৰা আঁতৰাই দিয়াৰ পাছতো চিকিৎসালয়ত ৱাংচুকে নিজৰ অনশন অব্যাহত ৰাখিছে আৰু বৃহস্পতিবাৰে এই অনশন ২৬ দিনত ভৰি দিছে। উল্লেখযোগ্য যে সংসদলৈ যোৱা শিক্ষাৰ্থীসকলৰ ওপৰত হোৱা আৰক্ষীৰ কাৰ্যবাহীক লৈ ৰাহুল গান্ধীয়ে প্ৰতিবাদ কৰাৰ সময়ত তেওঁক টানি চোঁচৰাই নিয়া হৈছিল আৰু তেওঁৰ নাকৰ পৰা তেজ ওলাইছিল। কংগ্ৰেছে এই প্ৰতিবাদৰ জৰিয়তে মূল সমস্যাক লৈ ৰাজনীতি কৰিব বিচৰা বুলি গীতাঞ্জলিয়ে ইংগিত দিছে।
গীতাঞ্জলি আংমোৱে স্পষ্ট কৰি দিয়ে যে এই ছাত্ৰ আন্দোলন সম্পূৰ্ণৰূপে অৰাজনৈতিক। ককৰোচ জনতা পাৰ্টিৰ নেতৃত্বত হোৱা এই আন্দোলনে ৰাজনৈতিক শ্ৰেণীক স্পষ্ট বাৰ্তা দিছে যে এতিয়া কেৱল প্ৰতীকী প্ৰতিবাদেৰে একো নহ‘ব। অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰা গীতাঞ্জলিয়ে কয় যে তেওঁলোকৰ বাবে কোনো বিৰোধী বা চৰকাৰ নাই, সংসদেই হৈছে সৰ্বোচ্চ প্ৰতিষ্ঠান। তেওঁলোকে বিচাৰে যে সংসদে শিক্ষাক এক মূল বিষয় হিচাপে গুৰুত্ব দিয়ক। তেওঁ লগতে কয় যে যিসকলে কোনো ৰাজনৈতিক উদ্দেশ্য নোহোৱাকৈ আহিব বিচাৰে, তেওঁলোকক আদৰণি জনোৱা হ‘ব, কিন্তু নিজৰ স্বাৰ্থ লৈ অহাজন আন্দোলনৰ পৰা আঁতৰি যাবলৈ বাধ্য হ‘ব।
বিজেপিৰ বিৰুদ্ধেও সৰৱ হৈ পৰে গীতাঞ্জলি আংমো। তেওঁ কয় যে বিজেপি প্ৰকৃত হিন্দু বা প্ৰকৃত জাতীয়তাবাদী দল নহয়। ২০ জুলাইত হোৱা সংসদ চলো কাৰ্যসূচীত সকলো ধৰ্ম আৰু শ্ৰেণীৰ মানুহে অংশগ্ৰহণ কৰিছিল, আৰু সেয়াই প্ৰকৃত হিন্দু ধৰ্মৰ নিদৰ্শন বুলি তেওঁ উল্লেখ কৰে। ন্যায় আৰু স্বাধীনতাত বাধা দিয়া আৰু প্ৰতিবাদকাৰী যুৱক–যুৱতীসকলক দেশদ্ৰোহী বুলি কোৱাটো কেতিয়াও ৰাষ্ট্ৰীয়তাবাদ হ‘ব নোৱাৰে বুলি তেওঁ মন্তব্য কৰে। সেয়েহে তেওঁ বিজেপিক নিজকে হিন্দু ৰাষ্ট্ৰীয়তাবাদী দল বুলি কৈ হিন্দু ধৰ্মক লজ্জিত নকৰিবলৈ আহ্বান জনায়।
যোৱা ১৮ জুলাইত যন্তৰ মন্তৰৰ পৰা আঁতৰোৱাৰ পাছৰে পৰা গীতাঞ্জলিয়ে ৱাংচুকৰ লগত ছাঁৰ দৰে লাগি আছে। দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত তেওঁক চৰকাৰী চিকিৎসালয়ৰ পৰা নিজৰ পচন্দৰ চিকিৎসালয়লৈ নিয়া হয়। বুধবাৰে ৱাংচুকে নিজৰ অনশন ভংগ কৰাৰ বাবে চৰকাৰলৈ কিছুমান দাবী উত্থাপন কৰি এখন পত্ৰ প্ৰকাশ কৰে। ইয়াত তেওঁ ২০ জুলাইৰ সমদলত অংশগ্ৰহণ কৰা কোনো ছাত্ৰ–ছাত্ৰীৰ ওপৰত শাস্তিমূলক ব্যৱস্থা নোলোৱাৰ প্ৰতিশ্ৰুতি বিচাৰে। অৱশ্যে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ মূল দাবীটো এই পত্ৰত উল্লেখ নাছিল। ৱাংচুকে জানিবলৈ দিয়ে যে চিকিৎসালয়ত তেওঁক সাক্ষাৎ কৰা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু জিতেন্দ্ৰ সিঙে শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীটো বিবেচনা কৰা হ‘ব বুলি আশ্বাস দিয়াৰ বাবেই তেওঁ স্থিতি কিছু সলনি কৰিছে।