দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদক কেন্দ্ৰ কৰি বিগত কেইবাদিনো ধৰি ৰাজধানী দিল্লী উত্তপ্ত হৈ পৰিছে। বুধবাৰে নিশা প্ৰতিবাদকাৰীৰ একাংশ সদস্যই আৰক্ষীৰ ওপৰত আক্ৰমণ চলোৱাৰো অভিযোগ উত্থাপন হৈছে। এই অৱস্থাৰ মাজতে দিল্লী আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব পৰা গৈছে যে হিংসাত্মক ঘটনাত অভিযুক্তসকলৰ পাছপৰ্ট বাতিল কৰা হ’ব পাৰে। ইয়াৰ উপৰিও তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে কঠোৰ আইনী ব্যৱস্থাও গ্ৰহণ কৰিব।
দিল্লী আৰক্ষীৰ অনুমতি নথকা সত্ত্বেও পূৰ্ব ঘোষণা অনুসৰি সোমবাৰে পুৱা ককৰোচ জনতা পাৰ্টিয়ে সংসদ অভিমুখী সমদল উলিয়ায়। ১৬৩ ধাৰা উলংঘন কৰি কৰা এই আন্দোলনৰ বাবে ৰাজধানী চহৰখন ৰণক্ষেত্ৰত পৰিণত হয়। বেৰিকেড ভাঙি আগবাঢ়ি যাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে লাঠিচালনা কৰি জনতা ছত্ৰভংগ কৰে। যন্তৰ মন্তৰ অঞ্চলটো প্ৰায় ৫ হাজাৰ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে ঘেৰি ৰাখে আৰু প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষীৰ তীব্ৰ সংঘাত হয়।
ইতিমধ্যে দিল্লীৰ পৰিসৰ পাৰ হৈ সমগ্ৰ দেশতে এই প্ৰতিবাদ বিয়পি পৰিছে। দেশৰ যুৱসমাজৰ মাজতো এই আন্দোলনক লৈ আগ্ৰহ বৃদ্ধি পোৱা দেখা গৈছে। এই সুযোগতে বিৰোধী দলসমূহেও ছাত্ৰ আন্দোলনক ব্যৱহাৰ কৰি নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰিবলৈ চেষ্টা চলাইছে। ইফালে দলটোৰ ভিতৰতো তীব্ৰ সংঘাত আৰম্ভ হৈছে, য’ত দলৰ পৰা বহিষ্কৃত নেতাই আনক দোষাৰোপ কৰা দেখা গৈছে। আনহাতে ককৰোচ জনতা পাৰ্টিয়ে কোটি কোটি টকাৰ বিদেশী অনুদান পোৱাৰ গুৰুতৰ অভিযোগ উঠিছে আৰু এই বিষয়ে এন আই এৰ দ্বাৰা তদন্ত কৰিবলৈ উচ্চ ন্যায়ালয়ত এক জনস্বাৰ্থ জড়িত আবেদনো দাখিল কৰা হৈছে।
সমগ্ৰ পৰিস্থিতিক লৈ ক্ৰমান্বয়ে সজাগ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্ট ভাষাত কয় যে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ সৈতে কোনো ধৰণৰ আপোচ কৰা নহ’ব। প্ৰশ্নকাকত ফাদিল কৰাটো এক ডাঙৰ পাপ বুলি উল্লেখ কৰি তেওঁ জনায় যে ছাত্ৰ-ছাত্ৰীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাটোৱেই চৰকাৰৰ প্ৰধান লক্ষ্য। প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত সকলো দোষীক দ্ৰুত শাস্তি প্ৰদান কৰিবলৈ চৰকাৰে ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰাৰ সিদ্ধান্ত লৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত পোষ্ট কৰি কয় যে ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষতি কৰা কাকো কোনো কাৰণতে ৰেহাই দিয়া নহ’ব।