আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

দীৰ্ঘ ২৬ দিনৰ অন্তত সমাজকৰ্মী সোনম ৱাংচুকে নিজৰ আমৰণ অনশন প্ৰত্যাহাৰ কৰিছে। বৃহস্পতিবাৰে নিশা গুৰুগ্ৰামৰ মেদান্ত চিকিৎসালয়ত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডা আৰু কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙৰ উপস্থিতিত তেওঁ অনশন ভংগ কৰে। এই সময়ছোৱাত তেওঁৰ পত্নী গীতাঞ্জলী আংমো আৰু লাডাখৰ ‘এপেক্স বডি’ৰ শীৰ্ষ নেতাসকলো উপস্থিত আছিল। কেন্দ্ৰীয় চৰকাৰৰ পৰা লিখিত আশ্বাস পোৱাৰ পিছতেই তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে।
কেন্দ্ৰীয় মন্ত্ৰীসকলে প্ৰদান কৰা পত্ৰখনত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে দিল্লীৰ যন্তৰ মন্তৰত শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰা আৰু যোৱা ২০ জুলাইত ‘চলো সংসদ’ অভিযানত অংশগ্ৰহণ কৰা যুৱক-যুৱতীসকলৰ বিৰুদ্ধে কোনো প্ৰতিশোধমূলক আইনী ব্যৱস্থা বা গোচৰ ৰুজু কৰা নহ’ব। অনশন প্ৰত্যাহাৰ কৰাৰ পিছত ছচিয়েল মিডিয়া এক্সযোগে এটা ভিডিঅ’ বাৰ্তাত ৱাংচুকে চৰকাৰৰ এই লিখিত আশ্বাসৰ প্ৰতিলিপি শ্বেয়াৰ কৰে। তেওঁ জনায় যে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ বিৰুদ্ধে যাতে আৰক্ষীয়ে কোনো ব্যৱস্থা বা এফ আই আৰ দাখিল নকৰে, তাৰ বাবে যোৱা দুদিন ধৰি চৰকাৰৰ সৈতে আলোচনা চলি আছিল আৰু সেইবাবেই তেওঁৰ অনশন আৰু দুদিনলৈ বৃদ্ধি কৰিবলগীয়া হৈছিল।
গোচৰ প্ৰত্যাহাৰৰ আশ্বাসৰ লগতে মোদী চৰকাৰে আন কেইবাটাও ডাঙৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। কেন্দ্ৰই জনাইছে যে নিট পৰীক্ষা ব্যৱস্থা, প্ৰশ্নকাকত ফাদিলৰ ঘটনা ৰোধ কৰা আৰু শিক্ষা ব্যৱস্থাৰ সংস্কাৰ সম্পৰ্কে চলিত সংসদ অধিৱেশনতেই আলোচনা কৰা হ’ব। ইয়াৰ উপৰিও নিট প্ৰশ্নকাকত ফাদিলৰ ফলত মানসিক চাপত ভুগি আত্মহত্যা কৰা ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ বিষয়টোও কেন্দ্ৰই সহানুভূতিৰে বিবেচনা কৰিছে। ৱাংচুকে লগতে কয় যে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰায় ৬৫ জন সাংসদে তেওঁক ব্যক্তিগতভাৱে বা পত্ৰৰ জৰিয়তে অনশন প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাইছিল। দেশত যাতে কোনো ধৰণৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি আৰু চৰকাৰৰ আশ্বাসৰ ওপৰত আস্থা ৰাখি তেওঁ অনশন সমাপ্ত কৰে।
উল্লেখ্য যে নিট কেলেংকাৰীৰ সঠিক তদন্ত, শিক্ষা ব্যৱস্থাত স্বচ্ছতা অনা আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত যোৱা ২৮ জুনৰ পৰা ৱাংচুকে অনশন আৰম্ভ কৰিছিল। এই ২৬ দিনৰ অনশনত তেওঁৰ ওজন প্ৰায় ১১ কিলোগ্ৰাম হ্ৰাস পায়। যোৱা ১৮ জুলাইত দিল্লীৰ যন্তৰ মন্তৰৰ পৰা আৰক্ষীয়ে তেওঁক লৈ গৈ ছফদৰজং চিকিৎসালয়ত ভৰ্তি কৰিছিল যদিও পাছত তেওঁৰ পত্নীৰ আবেদন মৰ্মে দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত তেওঁক গুৰুগ্ৰামৰ মেদান্ত চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনশন প্ৰত্যাহাৰৰ খবৰক আদৰণি জনাইছে আৰু চিকিৎসালয়ৰ পৰামৰ্শ মানি তেওঁক দ্ৰুতগতিত সুস্থ হৈ উঠিবলৈ কামনা কৰিছে। সোনম ৱাংচুকে অনশন ভংগ কৰিলেও শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত আন্দোলন অব্যাহত থাকিব বুলি জানিব পৰা গৈছে।