NORTHEAST NOW (Assamese)
অসম

সত্রৰ ভকত-বৈষ্ণৱৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবী মধুপুৰ সত্ৰ সমিতিৰ

Posted by: মুকুট দাস June 29, 2018 9:20 am
Madhupur-Satra-Samiti-570x320

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণস্থলী মধুপুৰ সত্ৰৰ ভকত-বৈষ্ণৱৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবী তুলিছে মধুপুৰ সত্ৰ সমিতিয়ে। মহানগৰীৰ পাণবজাৰ নামঘৰ প্ৰাংগণত বৃহস্পতিবাৰে অনুষ্ঠিত এক সংবাদমেলত এই দাবী উত্থাপন কৰে মধুপুৰ সত্ৰ সমিতিৰ সভাপতি ডালিম পাঠক আৰু সাধাৰণ সম্পাদক কুমাৰ দীপক দাসে।

তেওঁলোকে কয় যে যোৱা ২২ জুনৰ নিশা সত্ৰখনৰ বুঢ়া সত্ৰীয়াৰ আলধৰীয়া মিণ্টু ৰায় নামৰ যুৱকজনে সত্ৰৰ ডেকা সত্ৰীয়া পীতাম্বৰ ৰায় ভকতক শাৰীৰিকভাৱে অপদস্থ কৰে। সত্ৰৰ ভিতৰত অনৈতিক কাৰ্য সংঘটিত কৰাত বাধা প্ৰদান কৰাৰ বাবে ডেকা সত্ৰীয়াগৰাকী এনেদৰে শাৰীৰিকভাৱে অপদস্থ হৈ চিকিৎসাধীন হ’ব লগা হয়।

সত্ৰৰ ভিতৰতে সত্ৰীয়া, ভকত বৈষ্ণৱৰ নিৰাপত্তা নোহোৱা হৈছে বুলি অভিযোগ কৰি সভাপতি আৰু সম্পাদকগৰাকীয়ে কয় যে ইয়াৰ পূৰ্বেও সত্ৰখনৰ আন্তঃগাঁথনি উন্নয়নত জড়িত ঠিকাদাৰ এগৰাকীয়ে ডেকা সত্ৰীয়াগৰাকীক ভাবুকি প্ৰদান কৰিছিল। কিন্তু প্ৰশাসনে উক্ত ঠিকাদাৰগৰাকীৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত এইবাৰ ডেকা সত্ৰীয়াগৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ সাহস পালে।

এই সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী তুলি মধুপুৰ সত্ৰ সমিতিৰ সভাপতি আৰু সম্পাদকগৰাকীয়ে এই অপকাণ্ডৰ সৈতে জড়িতক প্ৰশ্ৰয় দিয়াসকলকো শাস্তি দাবী তুলি ধুবুৰী জিলা প্ৰশাসনৰ লগতে অসম চৰকাৰ আৰু পশ্চিমবংগ চৰকাৰক সত্ৰখনৰ ভকত-বৈষ্ণৱৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে দাবী জনায়।

আনহাতে, সমিতিয়ে অসমীয়া জাতি-সংস্কৃতিৰ ধ্বজাবাহক ঐতিহ্যমণ্ডিত মধুপুৰ সত্ৰখনৰ ঐতিহ্য যাতে কোনো কাৰণতে বিনষ্ট নহয় তাৰ  বাবে ৰাজ্যৰ সৰ্বস্তৰৰ জনসাধাৰণক ঐক্যবদ্ধ হৈ থাকিবলৈ আহ্বান জনায়।

ইপিনে, মধুপুৰ সত্ৰখনৰ আভ্যন্তৰত যদিহে কিবা বিশৃংখলতাই বিৰাজ কৰিছে, এই বাদ-বিবাদসমূহ সুশৃংখলিত ৰূপত নিয়াৰিকৈ সমাধান কৰাৰ বাবে ইতিমধ্যে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ বশিষ্ঠ দেৱশৰ্মা, ডেকা সত্ৰাধিকাৰ নৱজিৎ দাস পাঠক, সত্ৰশাল সত্ৰৰ সত্ৰাধিকাৰ জিতেন্দ্ৰনাথ প্ৰাধানী আৰু জিনকাটা সত্ৰৰ সত্ৰাধিকাৰগৰাকীক দায়িত্ব অৰ্পণ কৰা বুলি সংবাদমেলত সদৰী কৰে।

তদুপৰি মধুপুৰ সত্ৰ সমিতিয়ে এখনি সাধাৰণ সভা অহা জুলাই মাহত মধুপুৰত আহ্বান কৰাৰ কথা জানিবলৈ দি বাংলাদেশত পৰিত্যক্ত অৱস্থাত থকা সত্ৰসমূহৰ উন্নয়নৰ লগতে প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।