NORTHEAST NOW (Assamese)
Popular Stories

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 28, 2026 11:51 am
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

শেহতীয়া চৰকাৰী তথ্য অনুসৰি অসমত অব্যাহত থকা বানপানীয়ে ৰাজ্যখনৰ পশুপালন খণ্ডত ব্যাপক ক্ষতিসাধন কৰিছে আৰু বিভিন্ন জিলাত সৰ্বমুঠ ৮৮,২৪০ টা পশুধন বানৰ কৱলত পৰিছে। দুৰ্যোগ প্ৰতিবেদন আৰু তথ্য ব্যৱস্থাপনা প্ৰণালীৰ (DRIMS) শেহতীয়া বুলেটিন অনুসৰি এই বানত ৰাজ্যখনত মানুহৰ মৃত্যুৰ সংখ্যা ৬৮ জনলৈ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ গ্ৰাম্য অৰ্থনীতিৰ মূল আধাৰস্বৰূপ পশুধনৰো ব্যাপক ক্ষতি হৈছে, যিয়ে গ্ৰাম্য জীৱনযাত্ৰালৈ তীব্ৰ সংকট কঢ়িয়াই আনিছে।

 

প্ৰাপ্ত তথ্য অনুসৰি, ক্ষতিগ্ৰস্ত পশুধনৰ ভিতৰত ৪৫,৮৯৫ টা ডাঙৰ জন্তু, ২৬,৩৩৫ টা সৰু জন্তু আৰু ১৬,০১০ টা হাঁহ-কুকুৰা আছে। জিলাভিত্তিক তথ্যলৈ চালে দেখা যায় যে গোলাঘাট জিলাত সৰ্বাধিক ২৪,৭২৩ টা পশুধন ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ পাছতে যোৰহাটত ২৩,১৬৩ টা, নগাঁৱত ১৯,৭৩৮ টা, শিৱসাগৰত ১০,২৭৯ টা, চৰাইদেউত ৯,৭৬৪ টা আৰু ডিব্ৰুগড় জিলাত ৩৭৩ টা পশুধন ক্ষতিগ্ৰস্ত হৈছে।

 

বানপানীৰ ফলত ৰাজ্যখনত মুঠ ৯,৯৭৩ টা পশুধনৰ মৃত্যু ঘটিছে আৰু এই আটাইবোৰ মৃত্যুৰ ঘটনা কেৱল চৰাইদেউ জিলাত পঞ্জীয়ন কৰা হৈছে। চৰাইদেউত মৃত্যু হোৱা পশুধনৰ ভিতৰত ২,০৪২ টা ডাঙৰ জন্তু, ২,২২৫ টা সৰু জন্তু আৰু ৫,৭০৬ টা হাঁহ-কুকুৰা আছে, যাৰ ফলত পশুধনৰ মৃত্যুৰ ক্ষেত্ৰত জিলাখন আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত বুলি পৰিগণিত হৈছে। উপাৰ্জন আৰু দৈনন্দিন জীৱন নিৰ্বাহৰ বাবে গৰু, ছাগলী, হাঁহ-কুকুৰা আৰু অন্যান্য ঘৰচীয়া জন্তুৰ ওপৰত নিৰ্ভৰশীল কৃষক পৰিয়ালসমূহৰ বাবে এই লোকচানে এক বৃহৎ সংকট কঢ়িয়াই আনিছে।

 

জানিব পৰা মতে দুৰ্দশাগ্ৰস্ত ৰাইজক সহায় কৰাৰ উদ্দেশ্যে পশুপালন আৰু পশু চিকিৎসা বিভাগে বানপীড়িত অঞ্চলসমূহত সাহায্য অভিযান চলাই আছে। ইয়াৰ অধীনত পশুধনৰ বাবে খাদ্য যোগান ধৰা, পশু চিকিৎসা সেৱা আগবঢ়োৱা আৰু ৰোগৰ প্ৰাদুৰ্ভাৱ নিৰীক্ষণ কৰা আদি কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।