ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ৰূপালী পৰ্দাত একচন আৰু অভিনয়েৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰা বলীউডৰ জনপ্ৰিয় অভিনেতা টাইগাৰ শ্ৰফক এইবাৰ দেখা যাব ফুটবলৰ পথাৰত। পেছাদাৰী ফুটবল খেলুৱৈ হিচাপে ডুৰাণ্ড কাপত মুম্বাই চিটী এফ চিৰ হৈ খেলিবলৈ সাজু হৈছে প্ৰবীণ অভিনেতা জেকী শ্ৰফৰ পুত্ৰ টাইগাৰ শ্ৰফ। অভিনয় জগতৰ সমান্তৰালভাৱে ফুটবলৰ প্ৰতি থকা আবেগক পেছাদাৰী ৰূপ দিবলৈ তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সদৰী কৰিছে অভিনেতাগৰাকীয়ে।
মুম্বাই চিটী এফ চিৰ অন্যতম স্বত্বাধিকাৰী জোহেব আমৰানীয়ে সংবাদমাধ্যমক জানিবলৈ দিয়া মতে, ডুৰাণ্ড কাপৰ বাবে টাইগাৰ শ্ৰফৰ পঞ্জীয়ন প্ৰক্ৰিয়া ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু তেওঁ দলৰ সৈতে অনুশীলনো আৰম্ভ কৰিছে। শ্বিলঙত অনুষ্ঠিত হ’বলগীয়া গ্ৰুপ পৰ্যায়ৰ কমেও এখন মেচত তেওঁ অংশগ্ৰহণ কৰাৰ প্ৰবল সম্ভাৱনা আছে। অৱশ্যে এজন তাৰকা অভিনেতা হোৱাৰ বাবে তেওঁৰ নিৰাপত্তাৰ বিষয়টোত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে বুলি আমৰানীয়ে উল্লেখ কৰে। সামাজিক মাধ্যমত খবৰ দ্ৰুতগতিত বিয়পি পৰাৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তাজনিত সকলো দিশ পৰ্যালোচনা কৰা হৈছে আৰু সকলো ঠিকে থাকিলে তেওঁ নিশ্চিতভাৱে মেচত অৱতীৰ্ণ হ’ব বুলি স্বত্বাধিকাৰীগৰাকীয়ে প্ৰকাশ কৰে।
উল্লেখযোগ্য যে টাইগাৰ শ্ৰফ কেৱল ক্লাবটোৰ তাৰকা মুখপাত্ৰ হৈয়েই থাকিব বিচৰা নাই, বৰঞ্চ এগৰাকী নিয়মীয়া খেলুৱৈ হিচাপে খেলপথাৰত অৱতীৰ্ণ হোৱাৰহে ইচ্ছা প্ৰকাশ কৰিছে। তেওঁ ২০২৪ চনৰ পৰাই মুম্বাই চিটী এফ চিৰ সৈতে জড়িত হৈ আছে আৰু পূৰ্বে মুম্বাই ডিষ্ট্ৰিক্ট লীগৰ মেচতো অংশগ্ৰহণ কৰিছিল। প্ৰতি সপ্তাহতে নিয়মীয়াকৈ অনুশীলন কৰা অভিনেতাগৰাকীয়ে কেৱল চখৰ বাবেই নহয়, বৰঞ্চ ফুটবলৰ প্ৰতি থকা গভীৰ ভালপোৱাৰ বাবেই এতিয়া পেছাদাৰী খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ ওলাইছে। জোহেব আমৰানীয়ে ২০২৩ চনত তাৰকাসকলৰ এখন প্ৰদৰ্শনীমূলক মেচত প্ৰথমবাৰৰ বাবে টাইগাৰৰ খেল দেখিছিল আৰু তেতিয়াই তেওঁৰ উন্নত কাৰিকৰী জ্ঞানৰ বিষয়ে অৱগত হৈছিল। পৰৱৰ্তী সময়ত টাইগাৰে নিজেই মুম্বাইৰ অনুশীলন ক্ষেত্ৰত নিয়মীয়াকৈ খেলিবলৈ আৰম্ভ কৰে আৰু ক্লাবটোৰ সৈতে চুক্তিবদ্ধ হোৱাৰ ইচ্ছা প্ৰকাশ কৰে, যাক ক্লাব কৰ্তৃপক্ষই সন্মতি জনায়।
চলিত ড্যুৰাণ্ড কাপৰ গ্ৰুপ পৰ্যায়ৰ মেচসমূহ মুম্বাই চিটী এফ চিয়ে মেঘালয়ৰ শ্বিলঙত খেলিব। সূচী অনুসৰি অহা ৩ আগষ্টত লাংছনিং এফ চিৰ বিৰুদ্ধে, ৮ আগষ্টত শ্বিলং লাজং এফ চিৰ বিৰুদ্ধে আৰু ১১ আগষ্টত নংকছেহৰ বিৰুদ্ধে দলটো অৱতীৰ্ণ হ’ব। এই তিনিখন মেচৰ যিকোনো এখনতে টাইগাৰ শ্ৰফক পেছাদাৰী ফুটবলৰ পথাৰত দেখা যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে।