চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

তামিলনাডু চৰকাৰে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মধ্যাহ্ন ভোজনত সপ্তাহত এদিনকৈ চিকেন বিৰিয়ানি যোগান ধৰাৰ এক প্ৰস্তাৱ বিবেচনা কৰি আছে। ৰাজ্যখনৰ বিদ্যালয় শিক্ষা মন্ত্ৰী ৰাজমোহনে মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ৰ আগত এই আকৰ্ষণীয় প্ৰস্তাৱটো আগবঢ়াইছে।
এই প্ৰস্তাৱৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰী ৰাজমোহনে কয় যে ৰাজ্যখনৰ প্ৰতিটো মুখ্য ৰাজনৈতিক যুগত বিদ্যালয়ৰ পুষ্টি কাৰ্যসূচীক নিজাববীয়াকৈ শক্তিশালী কৰা হৈছে। তেওঁ কয় যে কামৰাজৰে মধ্যাহ্ন ভোজন আঁচনি আৰম্ভ কৰিছিল, কলাইগনাৰ কৰুণানিধিয়ে তালিকাত কণী যোগ দিছিল, এম জি আৰে ইয়াক পুষ্টিকৰ আহাৰ কাৰ্যসূচীলৈ ৰূপান্তৰিত কৰিছিল আৰু জয়ললিতাই গোটেই সপ্তাহজুৰি কণী বিতৰণৰ ব্যৱস্থা কৰিছিল। একেদৰেই তেওঁৰো চৰকাৰী বিদ্যালয়ত সপ্তাহত এদিন চিকেন বিৰিয়ানি প্ৰৱৰ্তন কৰাৰ এক বিশেষ ইচ্ছা আছে।
সূত্ৰ অনুসৰি, এই প্ৰস্তাৱটো বৰ্তমান মুখ্যমন্ত্ৰী বিজয়ৰ বিবেচনাধীন হৈ আছে যদিও এতিয়ালৈকে কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই। বিদ্যালয়ৰ পুষ্টি কাৰ্যসূচীৰ ক্ষেত্ৰত তামিলনাডুক সদায় সমগ্ৰ দেশৰ বাবে এক পথপ্ৰদৰ্শক হিচাপে গণ্য কৰা হয়। ১৯৫০ দশকত প্ৰাক্তন মুখ্যমন্ত্ৰী কে কামৰাজৰে প্ৰথমবাৰৰ বাবে মধ্যাহ্ন ভোজন আঁচনি আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী চৰকাৰসমূহে পুষ্টিৰ মানদণ্ড উন্নত কৰি এই আঁচনিখন আৰু অধিক সম্প্ৰসাৰণ কৰিছিল।
ইয়াৰ উপৰিও ২০২২ চনৰ ছেপ্টেম্বৰ মাহত প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক ৰাতিপুৱাৰ আহাৰ প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীৰ পুৱাৰ আহাৰ আঁচনি আৰম্ভ কৰা হৈছিল, যাক পিছলৈ পেৰুন্থলাইভাৰ কামৰাজৰ পুৱাৰ আহাৰ আঁচনি বুলি নামাংকন কৰা হয়। ইয়াৰ জৰিয়তে ল’ৰা-ছোৱালীয়ে দিনটোত দুসাজ পুষ্টিকৰ আহাৰ পোৱাটো নিশ্চিত কৰা হৈছে। যদি বিৰিয়ানিৰ প্ৰস্তাৱটোৱে অনুমোদন পায়, তেন্তে ই ৰাজ্যখনৰ শিশুৰ পুষ্টি আৰু বিদ্যালয়ত উপস্থিতি বৃদ্ধিৰ ক্ষেত্ৰত এক ডাঙৰ পদক্ষেপ হ’ব।
লগতে মন্ত্ৰী ৰাজমোহনে বৰ্তমানৰ বিদ্যালয়ৰ পুৱাৰ আহাৰৰ তালিকাখনো নতুনকৈ সজাই তোলাৰ পৰিকল্পনাৰ কথা উল্লেখ কৰে। বৰ্তমান প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বিপৰীতে প্ৰায় ১৫ টকা আবণ্টন দিয়া হৈছে আৰু চৰকাৰে সঘনাই দিয়া ঘেঁহু আৰু চুজিৰ উপমাৰ সলনি ছাত্ৰ-ছাত্ৰীৰ বাবে অধিক পুষ্টিকৰ আৰু সুস্বাদু আন আহাৰ দিয়াৰ পৰিকল্পনা কৰিছে।