কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিয়ে বৃহস্পতিবাৰে প্ৰকাশ কৰা অনুসৰি প্ৰণৱ দলেকে ধৰি চাৰিজন ভূমি অধিকাৰ কৰ্মীক আদালতে জামিন প্ৰদান কৰিছে।
জামিন লাভ কৰা আন কেইজন হৈছে বিজিত কুটুম, ভাস্কৰ শইকীয়া আৰু ৰাজীৱ পেগু।
এক বিবৃতিত সমিতিয়ে কয় যে আদালতৰ এই সিদ্ধান্তই অসমত ভূমিৰ অধিকাৰৰ বাবে চলোৱা অভিযান অব্যাহত ৰখাৰ সংকল্পক অধিক শক্তিশালী কৰি তুলিছে৷
এই সমিতিৰ আইনী উপদেষ্টা জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ আৰু অধিবক্তা মৃত্যুঞ্জয় পেগু আৰু দীপেশ আগৰৱালাই চাৰিওজন কৰ্মীক প্ৰতিনিধিত্ব কৰি জামিনত মুক্তি নিশ্চিত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
ইপিনে, বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ উপদেষ্টা আদিত চন্দ্ৰ ৰাভাক লৈ আইনী কাৰ্য্যবিধি এতিয়াও অব্যাহত আছে।
সমিতিয়ে কৰ্মীসকল জিম্মাত থকাৰ সময়ত এই অভিযানত সমৰ্থন আগবঢ়োৱা আৰু ভূমিৰ অধিকাৰ আৰু ন্যায়ৰ সপক্ষে মাত মতা ৰাজ্যৰ লোকসকলকো ধন্যবাদ জ্ঞাপন কৰে।
চলিত মাহৰ আৰম্ভণিতে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ সমীপত প্রস্তাৱিত বিলাসী হোটেল প্রকল্পৰ বিৰুদ্ধে প্রতিবাদী কার্যসূচীৰ সময়তে এই চাৰিজন কর্মীক গ্ৰেপ্তাৰ কৰা হৈছিল৷ এই প্ৰকল্পৰ বিৰোধিতা কৰি ভূমি অধিকাৰ সংগঠনসমূহে প্ৰস্তাৱিত হোটেলখনৰ বাবে ভূমি হস্তান্তৰত অনিয়মৰ অভিযোগ উত্থাপন কৰি স্থানীয় জনগোষ্ঠীৰ অধিকাৰ সুৰক্ষিত কৰাৰ দাবী জনাইছে।