NORTHEAST NOW (Assamese)
Popular Stories

চন্দ্ৰপৃষ্ঠত প্ৰচণ্ড খুন্দা মাৰিব ৰকেটে! চন্দ্ৰৰ গাত নতুন দাগ লগাব আমেৰিকাই? অপেক্ষাত অস্থিৰ বিজ্ঞানীসকল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 2, 2026 12:22 pm
চন্দ্ৰপৃষ্ঠত প্ৰচণ্ড খুন্দা মাৰিব ৰকেটে! চন্দ্ৰৰ গাত নতুন দাগ লগাব আমেৰিকাই? অপেক্ষাত অস্থিৰ বিজ্ঞানীসকল

চন্দ্ৰৰ গাত সৃষ্টি হ’ব নতুন ‘দাগ’! তাৰেই জল্পনা-কল্পনা চলি আছে। কিন্তু কেনেকৈ ঘটিব পাৰে? বিজ্ঞানীসকলে এতিয়া এই ঘটনাৰ সমগ্ৰ প্ৰক্ৰিয়াটো চাবলৈ অস্থিৰভাৱে অপেক্ষা কৰি আছে। আগষ্টৰ পাঁচ তাৰিখৰ বাবে অপেক্ষা কৰি আছে।

কিন্তু চন্দ্ৰৰ এই নতুন ‘দাগ’টো কিহৰ পৰা হ’ব পাৰে? তথ্য অনুসৰি, ইলন মাস্কৰ কোম্পানী স্পেচএক্সৰ এটা পৰিত্যক্ত ৰকেট দুৰ্ঘটনাত পতিত হ’বলৈ ওলাইছে। আৰু সেইটোৱেই চন্দ্ৰপৃষ্ঠত নতুন দাগৰ সৃষ্টি কৰিবলৈ গৈ আছে। অনুমান কৰা হৈছে ২০ৰ পৰা ৩০ মিটাৰ পৰ্যন্ত গাঁতৰ সৃষ্টি হ’ব পাৰে।

মাস্কৰ কোম্পানীটোৰ এই ৰকেটটো কিয় মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল? কিয় এইটো পৰিত্যক্ত কৰা হৈ পৰিল? এই ৰকেটটো ২০২৫ চনত প্ৰেৰণ কৰা হৈছিল। লক্ষ্য আছিল দুখন বাণিজ্যিক লুনাৰ লেণ্ডাৰ এটা নিৰ্দিষ্ট স্থানলৈ প্ৰেৰণ কৰা। নিৰ্দিষ্ট কাম সম্পূৰ্ণ কৰাৰ পিছত ৰকেটৰ উভতি অহা যাত্ৰাৰ বাবে ইন্ধন শেষ হৈ গ’ল। মহাকাশত বিচৰণ কৰি থাকোঁতে ই চন্দ্ৰৰ মাধ্যাকৰ্ষণ শক্তিৰ কবলত প্ৰৱেশ কৰে।

অহা বুধবাৰে ৰকেটটোৰ ওপৰৰ অংশটো অনিচ্ছাকৃতভাৱে চন্দ্ৰত খুন্দা মৰাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত এটা ক্ৰেটাৰ বা গহ্বৰ সৃষ্টি হোৱাৰ লগতে ধূলি আৰু ধ্বংসাৱশেষৰ এটা ধোঁৱাৰ কুণ্ডলী ওপৰলৈ উঠি আহিব। ৰকেটটোৱে চন্দ্ৰত খুন্দা মৰাৰ পিছত সৃষ্টি হ’ব পৰা ধূলিৰ ধুমুহাৰ ওপৰত চকু ৰাখিব বিজ্ঞানীসকলে।

মহাকাশ পৰ্যবেক্ষণ কেন্দ্ৰৰ বিশেষজ্ঞ বিল গ্ৰেৰ মতে, এই ৰকেটটোৱে চন্দ্ৰৰ আলোকিত পশ্চিম দিশৰ আইনষ্টাইন ক্ৰেটাৰৰ ওচৰত প্ৰতি ঘণ্টাত ৫৪০০ মাইল (বা ঘণ্টাত ৮৭০০ কিলোমিটাৰ) বেগত আঘাত কৰিব— যিটো শব্দৰ গতিৰ তুলনাত সাতগুণ অধিক। যিহেতু এই ঘটনাটো গভীৰ নিশা সংঘটিত হ’ব, সেয়ে ইয়াক পূব আমেৰিকা আৰু কানাডাৰ পূব অঞ্চল তথা দক্ষিণ আমেৰিকাৰ বেছিভাগ অংশৰ পৰা আটাইতকৈ ভালকৈ দেখা পোৱা যাব।

কিন্তু পৰিত্যক্ত ৰকেটটোৱে যেতিয়া চন্দ্ৰত খুন্দা মাৰিব তেতিয়া সেইটো মহাকাশৰ ধ্বংসাৱশেষ হিচাপে জমা হ’ব। বিজ্ঞানীসকলে ৰকেটৰ সেই অংশটোক মহাকাশৰ ধ্বংসাৱশেষ বুলি বৰ গুৰুত্বসহকাৰে লোৱা নাই যদিও তেওঁলোকৰ মতে কক্ষপথত থকা বস্তুৰ ক্ৰমবৰ্ধমান ভিৰ ক্ৰমাৎ বিপদত পৰিণত হৈছে। মহাকাশ অন্বেষণ সংস্থাসমূহে কাম কৰি থকাৰ সময়ত চন্দ্ৰৰ যাতে ক্ষতি নহয় সেইপিনে চকু ৰখাৰ দায়িত্ব সংশ্লিষ্ট দেশখনৰে থাকে। অৱশ্যে আমেৰিকাই এই সন্দৰ্ভত এতিয়াও একো জনোৱা নাই।

মন কৰিবলগীয়া যে ২০২২ চনৰ আৰম্ভণিতে চীনৰ ৰকেটৰ এটা অংশই চন্দ্ৰৰ সুদূৰ পৃষ্ঠত দুটা গহ্বৰ বা ক্ৰেটাৰৰ সৃষ্টি কৰিছিল। বিশেষজ্ঞসকলৰ মতে এই সংঘৰ্ষৰ ফলত পোহৰৰ জিলিকনি এক চেকেণ্ডতকৈও কম সময়ৰ বাবে থাকিব। কিন্তু সংঘৰ্ষৰ ফলত সিঁচৰতি হোৱা ধূলি আৰু ধ্বংসাৱশেষ মহাকাশলৈ কেইবা মাইল (বা কিলোমিটাৰ) বিয়পিব পাৰে আৰু টেলিস্কোপৰ জৰিয়তে সেয়া দেখা পোৱা যাব পাৰে। কিন্তু চন্দ্ৰৰ বায়ুমণ্ডল নথকাৰ বাবে এই দাগ হাজাৰ হাজাৰ বছৰ চন্দ্ৰৰ গাত থাকি যাব।