NORTHEAST NOW (Assamese)
অসম

ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত এজনৰ মৃত্যু

Posted by: এন ই নাও নিউজ June 29, 2018 1:59 pm
দুৰ্ঘটনা

মহানগৰীৰ পাশ্বৱৰ্তী ক্ষেত্ৰীৰ বাঁহতলা–চতাইপথাৰ সংযোগী পথত আজি সংঘটিত এটা ভয়ংকৰ পথ দুৰ্ঘটনাৰ ফলত এজন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।

উল্লেখযোগ্য যে আজি পুৱাৰ ভাগতে ক্ষেত্ৰীৰ বাঁহতলা–চতাইপথাৰ সংযোগী পথত থকা কাঠৰ দলঙখন ভাঙি তলত পৰে এখন চাউলভৰ্তি ট্ৰাক। ট্ৰাকখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত খাইৰুল হক নামৰ এজন লোক থিতাতে নিহত হোৱাৰ লগতে আহত হয় মইনুল হক আৰু বিশ্বজিৎ টেৰণ নামৰ আন দুজন লোক।

ATTACHMENT উল্লেখযোগ্য যে আহত দুয়োজনকে  উন্নত চিকিৎসাৰ বাবে লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

বাৰম্বাৰ দিছপুৰীয়া বিধায়কক আবেদন নিবেদন কৰাৰ পাছতো আজিলৈকে কাঠৰ দলঙখন মেৰামতি নকৰাৰ বাবে আজিৰ এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হ’বলৈ পালে বুলি অভিযোগ উত্থআপন কৰিছে স্থানীয় লোক সকলে।

দুৰ্ঘটনাটো সংঘটিত অঞ্চলত সম্প্ৰতি তীব্ৰ উত্তেজনাই বিৰাজ কৰাৰ উপৰি ইয়াৰ ফলত এজন লোকে অকালতে প্ৰাণ হেৰুওৱাত গভীৰ শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।