NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ভাৰতকে ধৰি ৬০খন দেশৰ ওপৰত নতুন শুল্ক-‘অবৈধ পদক্ষেপ’; ট্ৰাম্পৰ বিৰুদ্ধে গোচৰ ২৫খন প্ৰদেশৰ গৱৰ্ণৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 4, 2026 7:34 am
ভাৰতকে ধৰি ৬০খন দেশৰ ওপৰত নতুন শুল্ক-‘অবৈধ পদক্ষেপ’; ট্ৰাম্পৰ বিৰুদ্ধে গোচৰ ২৫খন প্ৰদেশৰ গৱৰ্ণৰৰ

ভাৰতকে ধৰি ৬০খন দেশৰ ওপৰত নতুন শুল্ক আৰোপ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ইয়াকে লৈ এইবাৰ আদালতত গোচৰ ৰুজু কৰা হৈছে। সোমবাৰে আমেৰিকাৰ ২৫খন ডেম’ক্ৰেটৰ প্ৰদেশৰ গৱৰ্ণৰসকলে ট্ৰাম্প প্ৰশাসনৰ নতুন শুল্ক নীতিৰ বিৰুদ্ধে গোচৰ তৰিছে। তেওঁলোকে অভিযোগ কৰে যে ‘একাধিক আদালতৰ ৰায়দানৰ পিছতো ৰাষ্ট্ৰপতিয়ে নিজৰ কৰ্তৃত্বৰ সীমাৰ বাহিৰত পদক্ষেপ গ্ৰহণ কৰিছে।’

ডেম’ক্ৰেটিক দলৰ গৱৰ্ণৰসকলে নিউয়ৰ্কৰ আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আদালতত এই গোচৰ ৰুজু কৰে। যোৱা ২৪ জুলাইত ট্ৰাম্প প্ৰশাসনে ভাৰতকে ধৰি ৬০খন দেশৰ সামগ্ৰীৰ ওপৰত ১৯৭৪ চনৰ বাণিজ্য আইনৰ ৩০১ নং ধাৰাত ১০ৰ পৰা ১২.৫ শতাংশ শুল্ক আৰোপ কৰিছিল। হোৱাইট হাউছে দাবী কৰিছে যে জোৰ-জবৰদস্তি, ভয়-ভাবুকি বা মানৱ অধিকাৰ উলংঘা কৰি শ্ৰমিকৰ দ্বাৰা নিৰ্মিত সামগ্ৰী ৰপ্তানি কৰা দেশসমূহৰ ওপৰত এই শুল্ক আৰোপ কৰা হৈছে।

কিন্তু অভিযোগকাৰীসকলে কয় যে ৩০১ ধাৰাটো মূলতঃ কোনো নিৰ্দিষ্ট দেশ বা উদ্যোগৰ অন্যায় বাণিজ্য নীতিৰ বিৰুদ্ধে ব্যৱহাৰ কৰাৰ উদ্দেশ্যেৰে কৰা হৈছে। এই আইনখনৰ সহায়ত ইমানবোৰ দেশৰ প্ৰায় সকলো ধৰণৰ সামগ্ৰীৰ ওপৰত একেলগে শুল্ক আৰোপ কৰিব নোৱাৰি।

তেওঁলোকৰ অভিযোগ যে পূৰ্বৰ শুল্ক আদালতত বাতিল হোৱাৰ পিছত ট্ৰাম্প প্ৰশাসনে শ্ৰমিকৰ সমস্যাক অজুহাত হিচাপে লৈ একেটা নীতিকে নতুন ধৰণে ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিছে। অৰেগনৰ এটৰ্নী জেনেৰেল ডেন ৰেফিল্ডে কয় যে আদালতত বাৰে বাৰে পৰাজয়ৰ পিছতো ট্ৰাম্পে পুনৰ সাধাৰণ মানুহৰ ওপৰত নতুন বোজা জাপি দিবলৈ চেষ্টা কৰিছে।

উল্লেখ্য যে ট্ৰাম্প প্ৰশাসনে প্ৰথমে ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্ক আৰোপ কৰিছিল। কিন্তু পিছত ১০ শতাংশলৈ হ্ৰাস কৰা হয়। ইউৰোপীয় সংঘকে ধৰি ৬০খন দেশৰ ক্ষেত্ৰত এই হাৰ ১০ৰ পৰা ১২.৫ শতাংশৰ ভিতৰত। কিন্তু আমেৰিকা-মেক্সিকো-কানাডা (USMCA) চুক্তিৰ অধীনত তেল, প্ৰাকৃতিক গেছ, সাৰ আৰু কিছুমান সামগ্ৰীক শুল্কৰ পৰিসৰৰ বাহিৰত ৰখা হৈছে।

অৱশ্যে এইটোৱে প্ৰথম নহয়। ইয়াৰ পূৰ্বে ট্ৰাম্পে বিভিন্ন আইনৰ অধীনত আমদানিৰ ওপৰত শুল্ক আৰোপ কৰাৰ চেষ্টা কৰিছিল। প্ৰথমতে তেওঁ জৰুৰীকালীন ক্ষমতা ব্যৱহাৰ কৰি প্ৰায় সকলো দেশৰ ওপৰতে শুল্ক আৰোপ কৰিছিল। কিন্তু আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰপতিগৰাকীৰ এই পদক্ষেপ অবৈধ বুলি ৰায় দিয়ে। ইয়াৰ পিছত তেওঁ বাণিজ্য আইনৰ ১২২ ধাৰা ব্যৱহাৰ কৰে। সেইটোও পিছত আদালতে অবৈধ বুলি ৰায় দিয়ে।

এইবাৰ ট্ৰাম্পে ৩০১ নং ধাৰাত নতুন শুল্ক আৰোপ কৰিছে।প্ৰথম পৰ্যায়ত তেওঁ কেৱল চীনৰ বিৰুদ্ধে এই ধাৰা অনুসৰি শুল্ক আৰোপ কৰিছিল, যিটো আদালতত বৰ্তি গৈছিল। কিন্তু এইবাৰ একেখন আইন ব্যৱহাৰ কৰি ৬০খন দেশৰ ওপৰত একেলগে শুল্ক আৰোপ কৰাত নতুন যুঁজ আৰম্ভ হৈছে।