NORTHEAST NOW (Assamese)
দেশ

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 4, 2026 9:20 pm
‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

ৰাজ্যিক বাৰ কাউন্সিলসমূহ ক্ৰমান্বয়ে পুৰুষৰ ক্লাবলৈ পৰিণত হোৱা বুলি উল্লেখ কৰি উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছে। মঙলবাৰে ন্যায়ালয়ে সংশ্লিষ্ট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকলক প্ৰতিটো ৰাজ্যিক বাৰ কাউন্সিলত দুগৰাকীকৈ মহিলা সদস্য মনোনীত কৰিবলৈ নিৰ্দেশ দিয়ে। এই দুগৰাকী মহিলা সদস্যক প্ৰাক্তন মহিলা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বা বাৰৰ জ্যেষ্ঠ মহিলা সদস্যসকলৰ মাজৰ পৰা মনোনীত কৰা হ’ব বুলি শীৰ্ষ ন্যায়ালয়ে প্ৰকাশ কৰিছে।

ইয়াৰ পূৰ্বে ২০২৩ চনৰ ডিচেম্বৰ মাহত শীৰ্ষ ন্যায়ালয়ে ৰাজ্যিক বাৰ কাউন্সিলসমূহত মহিলা অধিবক্তাসকলক ত্ৰিশ শতাংশ প্ৰতিনিধিত্ব প্ৰদান কৰাৰ নিৰ্দেশ দিছিল। যদি নিৰ্বাচনত পৰ্যাপ্ত সংখ্যক মহিলা নিৰ্বাচিত নহয়, তেন্তে সেই আসনসমূহৰ দহ শতাংশ পূৰণ কৰিবলৈ বিচাৰপীঠে এক বিশেষ ব্যৱস্থা গ্ৰহণৰ অনুমতি দিছিল। ৰাজ্যিক বাৰ কাউন্সিলৰ কাৰ্যবাহী সমিতিসমূহত মহিলা অধিবক্তাসকলৰ বাবে এই ত্ৰিশ শতাংশ ফলপ্ৰসূ প্ৰতিনিধিত্ব সুনিশ্চিত কৰাৰ লক্ষ্যৰে পূৰ্বৰ নিৰ্দেশনাসমূহ ৰূপায়ণ কৰাৰ সন্দৰ্ভত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচী তথা ভি মোহনাৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰিছিল।

বিচাৰপীঠখনে কয় যে তেওঁলোকৰ মতে এই পদক্ষেপে ৰাজ্যিক বাৰ কাউন্সিলৰ কাম-কাজত অধিক স্বচ্ছতা আৰু স্বাধীনতা কঢ়িয়াই আনিব। শুনানীৰ সময়ত মুখ্য ন্যায়াধীশগৰাকীয়ে মন্তব্য কৰে যে বাৰ কাউন্সিলৰ প্ৰতিনিধিত্বৰ লগত জড়িত একাধিপত্য নিৰ্মূল কৰিব লাগিব। তেওঁ স্পষ্টকৈ কয় যে বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে আৰু মানুহে ইয়াক একাধিপত্যৰ দৰে গ্ৰহণ কৰিছে, যিটো সম্পূৰ্ণৰূপে শেষ কৰিব লাগিব।

ইয়াৰ উপৰিও বাৰ কাউন্সিলৰ নিৰ্বাচনত ভোট হস্তান্তৰৰ পদ্ধতিৰ বিষয়টো পুনৰ বিবেচনাৰ বাবে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ সুধাংশু ধুলিয়াৰ নেতৃত্বত গঠিত উচ্চ ক্ষমতাসম্পন্ন নিৰ্বাচন তদাৰকী সমিতিৰ লৈ প্ৰেৰণ কৰা হয়। আনহাতে আবেদনকাৰীৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা গোপাল শংকৰনাৰায়ণনে ৰাজ্যিক বাৰ কাউন্সিলৰ আসন বৃদ্ধিৰ সন্দৰ্ভত শেহতীয়াকৈ বাৰ কাউন্সিল অৱ ইণ্ডিয়াই গ্ৰহণ কৰা প্ৰস্তাৱৰ বিষয়টো উত্থাপন কৰে আৰু লগতে কয় যে এই প্ৰস্তাৱে আসনৰ আইনী সীমা কেতিয়াও সলনি কৰিব নোৱাৰে।