NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত গুৱাহাটীৰ আকাশ-বতাহ কঁপাই বিশাল প্ৰতিবাদ আছুসহ ২৯টা সংগঠনৰ

Posted by: মুকুট দাস June 29, 2018 5:32 pm
All Assam Students’ Union (AASU) and 28 organizations representing various ethnic and tribal communities of the state taking out Satyagraha Rally on 29-06-18 at Guwahati opposing the Citizenship (Amendment) Bill, 2016.pix by UB PHOTOS

বিজেপি চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব বিধেয়ক, ২০১৬ বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাসহ ২৯টা সংগঠনে লতাশিল খেলপথাৰৰ পৰা চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰলৈকে উলিওৱা প্ৰতিবাদী সমদলে আজি ২৯ জুনত কঁপাই তোলে গুৱাহাটীৰ আকাশ-বতাহ। ‘গণ সত্যাগ্ৰহ’ত ভাগ ল’বলৈ গুৱাহাটীৰ লতাশিল খেলপথাৰত পুৱাই উপস্থিত হয়হি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ-হাজাৰ প্ৰতিবাদী।

সহস্ৰজনৰ বিশাল প্ৰতিবাদ সম্বুধি আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই খিলঞ্জীয়া মানুহৰ ধৈৰ্য্যৰ পৰীক্ষা নল’বলৈ কেন্দ্ৰ আৰু ৰাজ্যৰ উভয় বিজেপি চৰকাৰকে সকীয়াই দিয়ে। ‘খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ বাবে পদক্ষেপ লওক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে। খিলঞ্জীয়া মানুহৰ ধৈৰ্য্যৰ পৰীক্ষা নল’বলৈ চৰকাৰক আমি সকীয়াই দিছো,’ ভট্টাচাৰ্য্যৰ মন্তব্য।

ভট্টাচাৰ্য্যই লগতে কয় ‘জাতিধ্বংসী নাগৰিকত্ব বিধেয়ক, ২০১৬ জাপি দি বিদেশীক ভাৰতীয় নাগৰিকত্ব দিব খোজা কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপৰ বিৰুদ্ধে ২৯টা সংগঠনৰ ঐক্যবদ্ধ শক্তিৰে যুঁজিবৰ বাবে আমি আজি ইয়াত সমবেত হৈছো।’

আনহাতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক মিছলীয়া বুলি অভিহিত কৰি আছুৰ সাধাৰণ সম্পাদক লুৰীনজ্যোতি গগৈয়ে কয় ‘অসমীয়া সমাজৰ ৰাজহাঁড় ভাঙিবলৈ তেওঁ ধাৰাৱাহিক ষড়যন্ত্ৰত লিপ্ত হৈছে।’

অসমৰ মানুহৰ গণতান্ত্ৰিক প্ৰতিবাদলৈ চৰকাৰে অলপো সন্মান প্ৰদৰ্শন কৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰি গগৈয়ে লগতে কয় ‘এই কথা স্পষ্ট বিধেয়ক যদি সংসদে গৃ্হীত কৰে, তেন্তে চৰকাৰে ৰাজ্যত আৰু অধিক শক্তিশালী প্ৰতিবাদৰ সম্মুখীন হ’ব।’

আছুৰ সভাপতি দীপাংক নাথে প্ৰস্তাৱিত বিধেয়কে অসমৰ খিলঞ্জীয়া মানুহৰ পৰিচয় বিপন্ন কৰিব বুলি দাবী কৰি নৰ্থ ইষ্ট নাও-ক কয় ‘চৰকাৰে বিধেয়ক বাতিল কৰিবই লাগিব। খিলঞ্জীয়া মানুহৰ বৃ্হত্তৰ স্বাৰ্থৰ খাতিৰত আমি যিকোনো পৰিস্থিতিৰ মুখামুখি হ’বলৈ সাজু। বিধেয়ক বাতিল নকৰিলে ভৱিষ্যতে আৰু অধিক শক্তিশালী প্ৰতিবাদ হ’ব।’

নাগৰিকত্ব বিধেয়ক বাতিলৰ লগতে বিদেশী প্ৰত্যৰ্পনৰ বাবে ভাৰত-বাংলাদেশৰ মাজত এখন দ্বিপাক্ষিক চুক্তিৰ বাবেও আজি সংগঠনসমূহে পুনৰ দাবী উত্থাপন কৰে।

প্ৰতিবাদত আটাইকেইটা সংগঠনৰ নেতৃবৃন্দ আৰু সদস্যৰ উপৰি অগপ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, চিনেমা পৰিচালক বাণী দাস আদিয়েও ভাগ লয়।