NORTHEAST NOW (Assamese)
অসম

অসমত হ্ৰাস অসমীয়াভাষী : কি প্ৰতিক্ৰিয়া কংগ্ৰেছ, অগপৰ?

Posted by: কল্পজ্যোতি শইকীয়া June 29, 2018 11:13 pm
Ledo Bohagi Utsav organisers open phone number, appeal Bihu team, dancers to participate

অসমৰ সৰ্বমুঠ জনসংখ্যা বৃদ্ধি হোৱাৰ বিপৰীতে অসমতে অসমীয়াৰ লগতে খিলঞ্জীয়া ভাষা-ভাষীৰ সংখ্যা কমাৰ বিপৰীতে বাংলাভাষী আৰু হিন্দীভাষীৰ সংখ্যা বঢ়াক লৈ আজি ২৯ জুনত নৰ্থ ইষ্ট নাও-ৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ আৰু বিজেপি দলে।

 

কংগ্ৰেছৰ হৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

এই কথাটো প্ৰকৃততে কিহৰ বাবে হৈছে, অসম চৰকাৰে এখন চৰকাৰী কমিটি গঠন কৰি সেই কথাখিনি তদন্ত কৰি ৰাইজক আশ্বস্ত কৰাৰ উপৰিও বিহিত ব্যৱস্তা লোৱা উচিত।

ইয়াৰোপৰি নাগৰিকত্ব সংশোধনী বিধেয়ক গ্ৰহণ কৰাৰ যোগেদি বাংলাদেশৰ পৰা হিন্দু নাগৰিকসকলক অসমলৈ আনিলে, অসমৰ খিলঞ্জীয়াসকল বহু অসুবিধাৰ সন্মুখীন হ’ব। আমি যিহেতু বিধেয়কখন বিৰোধিতা কৰিয়েই আছো, গতিকে এই তথ্যখিনিয়ে আমাক বিৰোধিতা কৰিবৰ বাবে দৃঢ় পইন্ট এটা দিব।

যোৱা সময়ছোৱাত অসমত বিভিন্ন জাতি-জনগোষ্ঠীয়ে নিজৰ স্বকীয় পৰিচয় বিচাৰি আছে। তেওঁলোকৰ বাবে অসমীয়া ভাষাটো সংযোগী ভাষা। যেতিয়া ৰাজ্যবিলাক গঠন হৈছিল, ৰাজ্য পুনৰ গঠন আয়োগৰ পৰামৰ্শ অনুসৰি ভাষাৰ ভিত্তিতেই হৈছিল। গতিকে তেওঁলোকে নিজৰ নিজৰ সুকীয়া ভাষাটো যদি প্ৰতিপন্ন কৰিব পাৰে, তেতিয়া তেওঁলোকৰ স্বকীয়তা প্ৰকাশত ভৱিষ্যতে সহায়ক হ’ব।

 

অগপৰ প্ৰতিক্ৰিয়া

লোকপিয়লৰ তথ্যই অসমত অবৈধ বাংলাদেশীৰ উপস্থিতিৰ ভয়াৱহতা প্ৰমাণ কৰিলে। লোকপিয়ল কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্যই অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্বৰ প্ৰতি কিদৰে ভাবুকিৰ সৃষ্টি কৰিছে সেয়া পুনৰবাৰ প্ৰতিপন্ন কৰিলে। অসমীয়া আৰু বড়ো ভাষাৰ প্ৰতি অহা প্ৰত্যাহ্বান যে  অবৈধ বাংলাদেশীৰ ভয়াবহ আগ্ৰাসনৰ কাৰণে হৈছে সেয়া প্ৰমাণিত কৰিলে। কি শংকা আৰু সংশয়ৰ মাজেৰে অসমৰ খিলঞ্জীয়া লোকসকলে দিন কটাবলগীয়া হৈছে, লোকপিয়লৰ তথ্যই সেয়া প্ৰমাণিত কৰিলে। অসম গণ পৰিষদ দল অসমৰ অস্তিত্বৰ প্ৰতি আৰু ভাষাৰ প্ৰতি অহা এই প্ৰত্যাহ্বান প্ৰতিহত কৰিবলৈ বদ্ধপৰিকৰ। দলে যিকোনো মূল্যৰ বিনিময়ত অসমৰ ভাষা-সংস্কৃতি সুৰক্ষাৰ বাবে আপোচহীনভাৱে পদক্ষেপ গ্ৰহণ কৰি যাব।