NORTHEAST NOW (Assamese)
অসম

দুৰ্ধৰ্ষ গঁড়চিকাৰী য়াকুব আলীৰ শাহুৱেককো গ্ৰেপ্তাৰ : জমা ৰাখিছিল জোঁৱায়েকে খড়্গ বিক্ৰী কৰি পোৱা ধন

Posted by: এন ই নাও নিউজ June 30, 2018 5:43 pm
Poacher-Yakub-Ali-after-his-arrest-in-Guwahati-on-Tuesday.-Northeast-Now-570x320

যোৱা ২৬ জুনত বন বিভাগৰ এটা দলে গুৱাহাটী মহানগৰীৰৰ পৰা  য়াকুব আলী নামৰ দুৰ্ধৰ্ষ চোৰাংচিকাৰীজনক আটক কৰাৰ পিছত আলীক কৰা জেৰাৰ পৰা বহু কথাৰ সম্ভেদ পাইছে। আলীৰ স্বীকাৰোক্তিৰ পৰাই আলীয়ে তেওঁৰ শাহুৱেকৰ হাতত গঁড়ৰ খৰ্গ বিক্ৰী কৰি পোৱা ধন জমা থোৱা বুলি জানিব পাৰে। তাৰ পিছতে চতিয়াৰ ভোজমাৰী গাৱঁত থকা তেওঁৰ শাহুৱেকৰ ঘৰতো বন বিভাগে তালাচী চলাইছিল আৰু যোৱা ২৮ জুনৰ নিশা শাহুৱেকৰ ঘৰৰ পৰা ১০.৬৭ লাখ টকা জব্দ কৰিছিল।

আজি এই সম্পৰ্কত এটা গোচৰ ৰুজু কৰি আৰক্ষী আৰু নৰ্ডাৰ্ন ৰেঞ্জে য়াকুব আলীৰ শাহুৱেক ফাতেমা খাটুনক গ্ৰেপ্তাৰ কৰিছে।

ইয়াৰ পূৰ্বে য়াকুব আলীৰ স্বাকাৰোক্তিৰ ভিত্তিত চোৰাংচিকাৰীজনৰ চতিয়াস্থিত ঘৰৰ পৰাও আৰক্ষীয়ে চোৰাংচিকাৰত ব্যৱহৃত এটা ৩০৩ ৰাইফল, এটা চাইলেঞ্চাৰ, এটা লেজাৰ লাইট আৰু ২৪জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰিছিল।

উল্লেখযোগ্য যে বহু দিনৰ পৰা গঁড় হত্যাত জড়িত য়াকুব আলী কাজিৰঙাৰ বহুকেইটা গঁড় হত্যাত জড়িত আছিল। যোৱা ২৯ মে’ত বিশ্বনাথৰ পাণপুৰত সংঘটিত গঁড় হত্যাৰো মূল অভিযুক্ত আছিল ইয়াকুব আলী। আনহাতে ২০১৪ চনৰ গঁড় হত্যাৰ এটা গোচৰতো তেওঁ অভিযুক্ত। সেই  গোচৰত  চি বি আইয়ে তেওঁৰ ওপৰত চাৰ্জ শ্বীট দাখিল কৰিছিল আৰু চি বি আইৰ গোচৰৰ জামিন ল’বলৈ আদালতলৈ অহা অৱস্থাতে ইয়াকুব আলীক পাণ বজাৰৰ মেঘদূত ভৱনৰ সমীপত অভিযানকাৰী দলে আটক কৰিছিল।