NORTHEAST NOW (Assamese)
অসম

মহানগৰীৰ নুনমাটিৰ উৰ্মিনগৰত আৰক্ষীৰ অভিযানত নাৰীদেহ ব্যৱসায় চক্ৰ উৎখাত

Posted by: এন ই নাও নিউজ June 30, 2018 10:02 pm

মহানগৰীৰ নুনমাটিৰ উৰ্মি নগৰৰ এটি ভাড়াঘৰত শুকুৰবাৰে নিশা আৰক্ষীয়ে এক অভিযান চলাই নাৰীদেহ ব্যৱসায়ৰ ঘাটি উৎখাত কৰে।

উল্লেখযোগ্য যে শুকুৰবাৰে নিশা আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত উৰ্মি নগৰৰ কমল দাসৰ ভাড়াঘৰৰ চলোৱা অভিযানকালত তিনিগৰাকী মহিলাসহ দুজন লোকক হাতে-লোটে কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

আটকাধীন লোক দুনজক আৰক্ষীয়ে গনেশ বৈশ্য আৰু অভয় কুমাৰ গিৰি বুলি চিনাক্ত কৰিছে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে গনেশ বৈশ্যই অঞ্চলটোত দীৰ্ঘদিন ধৰি কমল দাসৰ ভাড়াঘৰত এই নাৰীদেহ ব্যৱসায়ৰ চক্ৰটো চলাই আহিছিল আৰু কুটনা(বেশ্যা বৃত্তিৰ কাৰণে নাৰী যোগান ধৰা দালাল) হিচাপে অভয় কুমাৰ গিৰিয়ে তেওঁক সহায় কৰি আছিল।

আৰক্ষীয়ে ইতিমধ্যে ইমমৰেল ট্ৰেফিকং আইনৰ ৩ আৰু ৪ ধাৰত ৩৫৯/১৮ নম্বৰত গোচৰ পঞ্জীয়ন কৰিছে।