NORTHEAST NOW (Assamese)
অসম

চৰকাৰৰ দাবীৰ বিপৰীত ছবি : হাউলীৰ গড়কাপ্তানী পথত পুখুৰী সদৃশ গাঁত

Posted by: আনিছুজ জামান July 3, 2018 6:05 pm

পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে ক্ষমতা দখল কৰা বিজেপি চৰকাৰৰ দিনত দুৰাৱস্থাৰ পৰিৱৰ্তন হোৱা নাই বৰপেটা জিলাৰ বৰপেটা সদৰ সমষ্টিৰ অন্তৰ্গত হাউলী-জয়পুৰ-বেঁকী গড়কাপ্তানী পথটোৰ।

ৰাইজে পথ বন্ধ কৰি প্ৰতিবাদ কৰোতে জিলা উপায়ুক্তই আহি ৰাইজক পথটোৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈকে মেৰামতি আৰম্ভই নহ’ল প্ৰায় ৪০ খন গাওঁ সংযোগী গুৰুত্বপূৰ্ণ পথটোৰ।

অভিযোগ অনুসৰি অসম চৰকাৰৰ ৰাজ্যিক গড়কাপ্তানী বিভাগে বিগত কুৰি বছৰ ধৰি এই পথটো মেৰামতি নকৰাৰ ফলত হাউলীৰ হনুমান মন্দিৰৰ পৰা হাউলী থানাৰ ওচৰলৈকে প্ৰায় তিনিশ মিটাৰ পথতে সৃষ্টি হৈছে পুখুৰীসদৃশ গাঁতৰ।

শীঘ্ৰে হাউলী-জয়পুৰ-বেঁকী সংযোগী পথটো পুনৰ নিৰ্মাণ নকৰিলে আন্দোলনৰ হুংকাৰ দিছে স্হানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠনে।