NORTHEAST NOW (Assamese)
অসম

টংলাৰ ডন বস্কো উ: মা: বিদ্যালয়ত গ্ৰীষ্ম নৃত্য কৰ্মশালাৰ আয়োজন ডি ডেন্স একাডেমিৰ

Posted by: ছাজিদ খান July 4, 2018 7:59 pm
Summer dance workshop begins in Tangla

ডি ডেন্স একাডেমিৰ উদ্যোগত টংলাৰ ডন বস্কো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এটা গ্ৰীষ্ম নৃত্য কৰ্মশালাৰ আয়োজন কৰা হৈছে। মাহজোৰা এই কৰ্মশালাটোৰ উদ্বোধনী অধিৱেশনত যোগদান কৰিছে জনপ্ৰিয় নৃত্য ৰিয়েলিটী শ্ব’ ছুপাৰ ডেন্সাৰ চেপ্টাৰ-২ৰ বিজয়ী বিশাল শৰ্মা আৰু ৰানাৰ্ছ আপ কুণাল জ্যোতি ৰাভাই। উঠি অহা চামটোৰ মাজত থকা নৃত্যৰ প্ৰতিভাক জাগৰিত কৰাৰ উদ্দেশ্যেৰে এই এই কৰ্মশালাৰ আয়োজন কৰা হৈছে।

সমল ব্যক্তি দুগৰাকীয়ে এক যথেষ্ঠ সংখ্যক প্ৰতিযোগীৰ নৃত্য প্ৰদৰ্শনত উপস্থিত থাকে। অংশগ্ৰহণকাৰীসকলৰ অধিকাংশই বলীউডী মুক্ত শৈলীৰ নৃত্য প্ৰদৰ্শন কৰে।

এই কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত, ব্ৰাডাৰ ৰঞ্জিত সালসো(Xalxo), অসীম ৰয়কে ধৰি টংলাৰ বহুকেইজন গণ্য-মাণ্য ব্যক্তি উপস্থিত আছিল। কেনেদৰে নৃত্য কৰাৰ কৌশল আয়ত্ব কৰিব লাগে সেই সন্দৰ্ভত বিশাল শৰ্মাই বহুতো মুল্যৱান কথা কয়।

নৃত্য একাডেমিৰ মুখ্য প্ৰশিক্ষক বিকি ডনাল নন্দীয়ে কৈছে যে শিক্ষাৰ্থীসকলক বিভিন্ন নৃত্যশৈলীৰ বিষয়ে সাম্যক ধাৰণা দিয়াৰ লগতে তেওঁলোকৰ মুখ আৰু শাৰীৰিক অভিব্যক্তি প্ৰকাশ কৰাৰো প্ৰশিক্ষণ এই কৰ্মশালাটোত প্ৰদান কৰা হ’ব।

বিকি ডনাল নন্দীয়ে কয়, ‘‘শিশুসকলে নৃত্য কৰি ভাল পায় আৰু নতুন কিবা শিকিবলৈ বিচাৰে। এটা চিনেমাৰ গীতত নৃত্য কৰাটো তেওঁলোকৰ বাবে খুব উত্তেজনাপূৰ্ণ।  শিক্ষাৰ্থীসকলে নৃত্য কৰ্মশালাটতো সম্পূৰ্ণ উপভোগ কৰিছে আৰু বিভিন্ন নৃত্য শৈলীৰ মহত্ব আৰু পৱিত্ৰতা আৱিস্কাৰ কৰিছে।’’