NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ বালিজানত মহিলাৰ সলিল সমাধিত শোকৰ ছাঁ

Posted by: উত্তম শইকীয়া July 6, 2018 2:00 pm

বোকাখাতৰ বালিজানত আজি পুৱা এগৰাকী মহিলাৰ সলিল সমাধি ঘটাক লৈ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে ৷ ঘটনাৰ বিৱৰণী মতে চুফিয়া বেগম নামৰ মহিলাগৰাকীয়ে গৰু এৰাল দিবলৈ গৈ ভৰি পিচলি পানীত পৰি যায় ৷

স্থানীয় লোকসকলে প্ৰাথমিকভাৱে চুফিয়া বেগমক উদ্ধাৰ কৰি বোকাখাত অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসালয়ত চুফিয়া বেগমক মৃত বুলি ঘোষণা কৰে চিকিৎসকে ৷ চুফিয়া বেগম বালিজানৰ নিবাসী অমিৰ আলীৰ পত্নী আৰু এটি ডেৰ বছৰীয়া সন্তানৰ মাতৃ বুলি জানিব পৰা গৈছে ৷

উল্লেখযোগ্য যে শেহতীয়া ঢলত পানীত পৰি মুঠ পাঁচজন ব্যক্তিৰ মৃত্যু হৈছে ৷ তাৰে এজন জ্ঞানদ্বীপ নামৰ লোকজন চাহ বাগিচাত,  এজন যোগনীয়া আটি গাঁৱত, দুগৰাকী যুৱতীৰ ডিফলু পথাৰৰ আহোম গাঁৱত পানীত পৰি  মৃত্যু হোৱাৰ পাছত আজি বালিজানত পুনৰ চুফিয়া বেগম নামৰ মহিলাগৰাকীৰ মৃত্যু হোৱাত বিষয়টোক লৈ অঞ্চলব্যাপী গভীৰ শোকৰ ছাঁ পৰিছে ৷