NORTHEAST NOW (Assamese)
অসম

তামুলপুৰৰ শুৱাগপুৰত কনকলতা মহিলা সবলীকৰণ যোজনাৰ সজাগতা সভা

Posted by: দীপক কুমাৰ পাঠক July 6, 2018 10:58 pm
Tamulpur, self help group

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ গোৰেশ্বৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১ নং শুৱাগপুৰ ডাইমণ্ড ক্লাবৰ উদ্যোগত স্থানীয় প্ৰাথমিক বিদ্যালয়ত আজি কনকলতা মহিলা সবলীকৰণ যোজনাৰ এখন সজাগতা সভা অনুষ্ঠিত হয় ৷ স্থানীয় যুৱক বাবুল পাটোৱাৰীৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত তামুলপুৰ বিধান সভা সমষ্টিৰ চাৰিখন ভি চি ডি চিৰ মহিলা আত্মসহায়ক গোটসমূহৰ শতাধিক সদস্য উপস্থিত থাকে।

সভাত গোৰেশ্বৰ উন্নয়নখণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰবীন বৰুৱাই ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱীকা অভিযানৰ আঁচনি সম্পৰ্কে বহলাই বাখ্যা কৰি ইয়াৰ দ্বাৰা মহিলাসকল কিদৰে আত্মনির্ভৰশীল হ’ব পাৰে তাক বুজাই কয়।

বি টি চিৰ কাৰ্যবাহী সদস্য দেৱেন বড়োই সভাত উপস্থিত থাকি নিজ ভাষণত দ্ৰৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনি সমূহৰ বিষয়ে অৱগত কৰে। তদুপৰি বিধায়ক ইমানুৱেল মুছাহাৰীয়ে সভাত উপস্থিত থাকি এহেজাৰ আত্মসহায়ক গোটক ১০,০০০ টকাকৈ দিয়া হ’ব বুলি সদৰী কৰে।

মহিলাসকলক সমাজৰ নেতৃত্ব ল’বলৈ বিধায়ক গৰাকীয়ে আহ্বান জনায়। আনহাতে, তামুলপুৰ আৰু গোৰেশ্বৰ ব্লকক ইনটেনছিভ ব্লক বুলি সদৰী কৰি ৰাজ্যৰ সকলো ব্লকক পৰবৰ্তী সময়ত এই আঁচনিৰ অধীনত সামৰি লোৱা হ’ব বুলি তেওঁ প্ৰকাশ কৰে।

আজিৰ সভাত চাৰিখন ভি চি ডি চিৰ চাৰিটা আত্মসহায়ক গোটৰ মাজত অনুদানৰ অনুমোদন পত্ৰ আনুষ্ঠানিক ভাৱে বিতৰন কৰা হয়। সভাত যুৱ বি পি এফ দলৰ সাধাৰণ সম্পাদক সোমনাথ বসুমতাৰী, তামুলপুৰ জিলা বি পি এফৰ সাধাৰণ সম্পাদক উপেন বসুমতাৰী, কেইবাগৰাকী স্থানীয় বি পি এফ নেতা, নাগ্ৰীজুলী টি চি চি এল চিৰ অধ্যক্ষ ক্ৰমে সুভাষ বসুমতাৰী, অজিত বসুমতাৰী প্ৰমুখ্যে ডাইমন্ড সংঘৰ সভাপতি অঞ্চ দাসসহ আন সদস্য সকল উপস্থিত আছিল ৷