NORTHEAST NOW (Assamese)
অসম

ডাঠ কুঁৱলীৰ বাবে পৰিবহন ব্যৱস্থাত বাধা

Posted by: এন ই নাও নিউজ December 18, 2017 11:51 am
ডাঠ কুঁৱলীৰ বাবে পৰিবহন ব্যৱস্থাত বাধা

ঘন তথা ডাঠ কুঁৱলীৰ বাবে সাধাৰণ জন-জীৱন ব্যাহত হোৱাৰ উপৰিও আজি ১০ বজা পৰ্যন্ত লোকপ্ৰিয় গোপিনাথ বৰদলৈ বিমান বন্দৰত এখনো বিমানে অৱতৰন কৰিব পৰা নায়। উল্লেখযোগ্য যে ঘন কুঁৱলীয়ে আকাশ মাৰ্গ আৱৰি ৰখাৰ বাবে যোৱা শণিবাৰে দুখন বিমান বাতিল হৈছিল। কিন্তু আজি এই পৰ্যন্ত এখনো বিমানে অৱতৰন কৰিব পৰা নাই যদিও বিমান বাতিল কৰা হোৱা নাই বুলি বিভাগীয় কৰ্তৃপক্ষই আমাক জানিবলৈ দিয়ে। মন কৰিবলগীয়া কথা যে সমাজকৰ্মী তথা গান্ধীবাদী নেতা আন্না হাজাৰে উভটিব লগীয়া এয়াৰ ইণ্ডিয়াৰ বিমান খনো কুঁৱলীৰ বাবে বাতিল হৈছিল আৰু বহু সময় ধৰি তেওঁ বিমান বন্দৰতে আৱদ্ধ হবলগীয়া হৈছিল।

উল্লেখণীয় যে কুঁৱলীৰ বাবে উত্তৰ-পূব সংযোগী ৰেলৰ চলাচলতো ব্যাপক পৰিমাণে বাধা অহা পৰিলক্ষিত হৈছে। প্ৰাপ্ত খবৰ অনুসৰি গুৱাহাটী অভিমুখি বিমান বহু সময় অনুসৰি কলিকতাত আৱদ্ধ হৈ আছে। যাৰ ফলত কলিকতা তথা গুৱাহাটী বিমান বন্দৰত শ শ লোক আৱদ্ধ হৈ আছে আৰু অশ্বস্তিত ভুগিছে। আনহাতে ডাঠ কুঁৱলীৰ বাবে অহা ৪৮ ঘণ্টাত উত্তৰ ভাৰতৰ পৰা আহিবলগীয়া সকলো ৰেল দেৰিকৈ আহি পাব। কিন্তু কোনো ৰেলৰ চলাচল বাতিল কৰা হোৱা নাই বুলি উত্তৰ-পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষই আমাক জনায়। ৰেলৰ সময়সূচী সলনি হোৱা বাবে এতিয়া যাত্ৰী সকলৰ মাজত অৱৰ্ণণীয় পৰিৱেশৰ সৃষ্টি হৈছে। ডাঠ কুঁৱলীৰ বাবে বিমান সেৱা, ৰেল সেৱাৰ উপৰি জল পৰিবহন আৰু স্থল পৰিবহনতো যথেষ্ট প্ৰভাব পৰিছে।