NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথৰ নতুন গাঁৱত বানপানীত দিশহাৰা হাতীৰ জাক : আতংকগ্ৰস্ত গাঁৱবাসী

Posted by: কাজি  জেইদুল ইছলাম July 7, 2018 3:17 pm
IMG_20180707_105130

বিগত কেইদিন মান ধৰি খাদ্যৰ সন্ধানত মানুহৰ বাসস্থানলৈ ওলাই অহা এটা দিশহাৰা হাতীৰ জাকে বিশ্বনাথ ঘাটৰ বাসিন্দাসকলক এতিয়াও আতংকগ্ৰহস্ত কৰি ৰাখিছে। বানপানীৰ ফলত বাসস্থান অৰণ্যৰ পৰা ওলাই অহা এই হাতীৰ জাকটোৱে বিশ্বনাথৰ বিভিন্ন এলেকাত খাদ্যৰ সন্ধানত ঘূৰি ফুৰিছে।

শেহতীয়াভাৱে হাতী মানুহৰ সংঘাত ক্ৰমান্বয়ে বৃদ্ধি পাই অহা অৱস্থাত বনৰীয়া হাতীৰ জাকটোৰ মুকলি বিচৰণত স্বাভাৱিকতেই আতংকগ্ৰস্ত হৈ পৰিছে এই অঞ্চলটোৰ বাসিন্দাসকল।

ইতিমধ্যে, বাৰিষাৰ বানত ভাগি অহা হাতীৰ জাকটোৱে এটা  নতুন বিপদ হৈ দেখা দিছে গাঁৱবাসীসকলৰ সন্মুখত। ক্ৰমে বাঢ়ি অহা ব্ৰহ্মপুত্ৰৰ লগতে প্ৰধান নদীসমূহ আৰু উপনৈসমূহৰ জলস্তৰৰ বাবে বিলৈ বিপত্তি নোহোৱা হৈছে অসমৰ অৰণ্য -অভয়াৰণ্যত বাস কৰা বনৰীয়া জীৱ-জন্তুসমূহৰ।

এইদৰে বানবানীত খোৱাবস্তুৰ অভাৱত ভোগা বনৰীয়া হাতীৰ এই জাকটোৱে যোৱা কিছুদিন মান ধৰি খাদ্যৰ সন্ধানত বিশ্বনাথ ঘাটৰ নতুন গাঁৱত থিতাপি লৈ আছে। হাতীৰ জাকটোত  পোৱালি সহ প্ৰায় ১৫-১৬ মান হাতী আছে। এই জাকটোৱে নদীয়েদি বিশ্বনাথ ঘাটৰ নতুন গাঁৱত প্ৰৱেশ কৰিছিল।

যোৱাকালি আৱেলি বন বিভাগৰ কৰ্মীয়ে গুলি আৰু ফটকা ফুটাই উক্ত স্থানৰ পৰা খেদি পঠিওৱাৰ চেষ্টা কৰে যদিও নিশা পুনৰ হাতী জাকটো আগৰ স্থানলৈ ঘুৰি আহে। এইবাৰ উভতি অহা জাকোটৱে নতুন গাঁৱত প্ৰৱেশ কৰি এটা পাকঘৰ সম্পুৰ্ণ ৰুপে ধ্বংস কৰে।  ফলত গোটেই নিশা গাওঁখনৰ বাসিন্দাসকলে এক আতংকৰ মাজেৰে পাৰ কৰে।

শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি বন বিভাগৰ লোকে  বৰ্তমান হাতীৰ জাকটোক খেদি পঠিয়াবলৈ চেষ্টা কৰি আছে যদিও বনবিভাগ সফল হ’ব পৰা নাই। উভতি অহা হাতীৰ জাকটোৱে এতিয়া গাঁৱখনতেই থিতাপি লৈ আছে।