NORTHEAST NOW (Assamese)
অসম

ৰঙাপৰা মহাবিদ্যালয়ৰ স্থায়ী অধ্যক্ষৰ পদত যোগদান ড০ ৰঞ্জন কলিতাৰ

Posted by: ঋতুপৰ্ণ চক্ৰবৰ্তী July 9, 2018 8:26 pm
RANGAPARA COLLEGE

ৰঙাপৰা বিধানসভা সমষ্টিৰ একমাত্র উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ৰঙাপৰা মহাবিদ্যালয়ৰ স্থায়ী অধ্যক্ষ হিচাপে ড০ ৰঞ্জন কলিতাই আজি আনুষ্ঠানিকভাৱে যোগদান কৰে।

তেজপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক, সমাজকৰ্মী ড০ ৰঞ্জন কলিতাই মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ বানেশ্বৰ তালুকদাৰৰ পৰা ৰঙাপৰা অধ্যক্ষৰ দায়িত্বভাৰ গ্ৰহণ কৰে।

দায়িত্বভাৰ গ্ৰহণ কৰি কলিতাই মহাবিদ্যালয়খনৰ শৈক্ষিক, আন্তঃগাঁথনিমূলক বিকাশ, মহাবিদ্যালয়খনত ছাত্র-ছাত্রীৰ উপযোগী হোৱাকৈ এন চি চি, স্কাউত এণ্ড গাইড আদিৰ ব্যৱস্থা কৰা আদি বিষয় সামৰি পৰৱৰ্তি সময়ত ৰাইজ, অধ্যাপক-অধ্যাপিকা, পৰিচালনা সমিতৰ সহযোগিতাৰে মহাবিদ্যালয়খনৰ বিকাশ দ্ৰুততৰ কৰাৰ আশ্বাস প্ৰদান কৰি সকলোৰে সহযোগিতা কামনা কৰে।

আজি অনুষ্ঠিত সভাত তেজপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ড০ চাৰু চহৰীয়া নাথ, ৰঙাপৰা মহাবিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ বানেশ্বৰ তালুকদাৰ, তেজপুৰ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক ড০ প্ৰদীপ চন্দ্ৰ মহন্ত, তেজপুৰ জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বৰুৱা,  বান থিয়েটাৰ পৰিচালনা সমিতিৰ সম্পাদক নৰেন শইকীয়া, মহাবিদ্যালয়ৰ জেষ্ঠ্য অধ্যাপক মুনীন বৈশ্য প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।