NORTHEAST NOW (Assamese)
অসম

নাৰী সৰবৰাহকাৰী চক্ৰৰ পৰা ভৰলুমুখ আৰক্ষীয়ে উদ্ধাৰ কৰিলে এগৰাকী যুৱতীক; এগৰাকীক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ July 10, 2018 2:06 pm
ritu-570x320

উত্তৰ-পূবৰ যুৱতীক নাৰী সৰবৰাহকাৰীসকলে বহিঃৰাজ্যত ভাল চাকৰি দিয়াৰ প্ৰলোভনেৰে দেশৰ বিভিন্ন প্ৰান্তলৈ লৈ গৈ অবৈধ কামত লিপ্ত কৰোৱাৰ ঘটনা সঘনাই সংঘটিত হোৱাৰ সময়তে তেনে এগৰাকী নাৰী সৰবৰাহকাৰীক সোমবাৰে ভৰলুমুখ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰীগৰাকী ৰহিলা মণ্ডল বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে   আটক কৰা মহিলাগৰাকী নাৰী সৰবৰাহকাৰী চক্ৰৰ লগত জড়িত থকা বুলি প্ৰাথমিক তদন্তৰ অন্তত জানিবলৈ দিয়ে।

জানিব পৰা মতে ৩০ জুনৰ দিনা মিছা প্ৰলোভনেৰে মহানগৰীৰ পৰা বিহাৰলৈ লৈ গৈছিল কিৰণ দেৱী নামৰ এগৰাকী মহিলাক। কিন্তু ভৰলুমুখ আৰক্ষীৰ তৎপৰতাত সোমবাৰে উদ্ধাৰ হয় মহিলাগৰাকী।

ৰহিলা মণ্ডল, নন মণ্ডল আৰু অমৰ মণ্ডল নামৰ তিনি নাৰী সৰবৰাহকাৰীয়ে ৰাজস্থানত বিক্ৰীৰ উদ্দেশ্যেৰে মহিলাগৰাকীক লৈ গৈছিল বুলি আৰক্ষীৰ আগত ধৃত মহিলাগৰাকীয়ে সদৰী কৰে।

অন্য দুজন সৰবৰাহকাৰী নন মণ্ডল আৰু অমৰ মণ্ডল সম্প্ৰতি পলাতক অৱস্থাত আছে যদিও দুয়োজনকে বিচাৰি ভৰলুমুখ আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰিছে বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে কিছু দিনৰ পৰা অসমত বৃদ্ধি পোৱা নাৰী সৰবৰাহকাৰী ঘটনাই স্বাভাৱিকতে আৰক্ষীৰ কাৰ্যক্ষমৰ ওপৰত প্ৰশ্ন উত্থাপন হোৱাৰ সমান্তৰালকৈ চিন্তিত হৈ পৰিছে ৰাজ্যৰ সচেতন মহল।