NORTHEAST NOW (Assamese)
অসম

পুৰণিগুদামত পথৰ কদৰ্যময় ৰূপে উদঙাইছে পৰিবৰ্তনকামী চৰকাৰৰ প্ৰকৃত প্ৰতিচ্ছবি

Posted by: বিদ্যুৎজ্যোতি বৰা July 11, 2018 4:58 pm
চামগুৰি পথ

ৰাজ্যৰ মিত্ৰজোঁট চৰকাৰৰ চূডা়ন্ত অৱহেলাত সম্প্ৰতি প্ৰাক্তন মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি বঢ়মপুৰৰ  অন্তর্গত বৃহত্তৰ পুৰণিগুদাম অঞ্চলৰ  এটা গুৰুত্বপূৰ্ণ পথত সৃষ্টি হোৱা কদৰ্যময় ৰূপে উদঙাইছে পৰিবৰ্তনকামী চৰকাৰৰ প্ৰকৃত প্ৰতিচ্ছবি।

জানিব পৰা মতে, পুৰণিগুদাম চলচলিৰ নিকটৱর্তী জলাহ গাঁৱৰ পৰা বঢ়মপুৰ বামুনী সংযোগী পথটোৰ দুৰৱস্থাই দীৰ্ঘ দিনৰে পৰা স্থানীয় ৰাইজক জীয়াতু ভোগাই আহিছে ৷ বিগত দুটা বছৰে উক্ত পথৰে অহা যোৱা কৰিব লগীয়া পথচাৰী তথা পশুধনো দুৰ্ঘটনাত পতিত হ‘ব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

জলাহ গাঁৱৰ একাংশ স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি দুবছৰ পূৰ্বেই বৰ্তমানৰ উক্ত জৰাজীৰ্ণ পথটো এমজিএনৰেগা আঁচনিৰ অধীনত নিৰ্মাণ কৰিবলৈ ১৭ লাখ টকা আৱন্টন দিয়া হৈছিল যদিও ৰহস্যজনক কাৰণত প্ৰায়  দুই লাখ টকাৰ কাম কৰিয়েই নিৰ্মীয়মান পথচোৱাৰ কাম আধাতে বন্ধ কৰি দিয়া হৈছিল৷

ঠিকাদাৰৰূপী এগৰাকী স্থানীয় বিজেপি নেতাই উক্ত আঁচনিৰ সমস্ত ধন আত্মসাৎ কৰা বুলিও ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷ বঢ়মপুৰ সমষ্টিৰ বৰ্তমানৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত মিত্ৰজোঁট চৰকাৰত থকাৰ সময়তে বিভাগীয় কৰ্তৃপক্ষৰ ছত্ৰছায়াত ঠিকাদাৰৰূপী এজন স্থানীয় বিজেপি নেতাই সমষ্টিটোৰ উক্ত গুৰুত্বপূৰ্ণ পথটোৰ উন্নয়নৰ নামত আৱন্টিত ধন আত্মসাৎ কৰা ঘটনাত ৰাইজে অসন্তষ্টি ব্যক্ত কৰিছে।

এই বিষয়ত উচিত তদন্তৰ দাবী জনোৱাৰ লগতে দুৰ্নীতিগ্ৰস্ত উক্ত নেতা আৰু বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে স্থানীয় ৰাইজে আজি শাওনৰ পথাৰ সদৃশ বোকাময় পথৰ ওপৰত ভুঁই ৰুই প্ৰতিবাদ সাৱ্যস্ত দেখা যায়।