NORTHEAST NOW (Assamese)
অসম

অসমৰ ৰে’লত ছীৰিয়েল কিলাৰ! শিমলুগুৰিৰ পিছত মৰিয়নিত উদ্ধাৰ মহিলাৰ অৰ্ধনগ্ন মৃতদেহ, নিমাত ৰাজেন গোহাঁই

Posted by: এন ই নাও নিউজ July 11, 2018 5:22 pm
mariani junction assam

শিমলুগুৰিত কামাখ্যা এক্সপ্ৰে’ছত অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ উদ্ধাৰৰ ২৪ ঘণ্টাৰ ভিতৰতে যোৰহাটৰ মৰিয়নি ষ্টে’শ্যনত আজি ১১ জুলাইত অৱধ আছাম এক্সপ্ৰে’ছত পুনৰ  ‘শিমলুগুৰিৰ দৰেই অৱস্থাত’ আন এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ফলত অসমৰ ৰে’লত ‘ছীৰিয়েল কিলাৰ’ ঘূৰিছে নেকি বুলি ব্যাপক আতংকৰ সৃষ্টি হৈছে।

অসমৰ সাংসদ ৰাজেন গোহাঁই ৰাজ্যিক ৰে’ল মন্ত্ৰী হৈ থকাৰ সময়তে ২৪ ঘণ্টাৰ ভিতৰতে সংঘটিত এই দুটা ঘটনাই অসমত ৰে’লযাত্ৰাৰ নিৰাপত্তাক লৈ গুৰুতৰ প্ৰশ্ন অৱতাৰণা কৰিছে।

বিশেষভাৱে সক্ষম লোকৰ ডবাৰ শৌচালয়ত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ হোৱা মহিলাগৰাকীৰ ডিঙিটো লক্ষণীয়ভাৱে শিমলুগুৰিত উদ্ধাৰ হোৱাৰ ৰাধা কুমাৰীৰ দৰেই এখন গামোচা মেৰিয়াই থোৱা অৱস্থাত পোৱা গৈছে।

মহিলাগৰাকীৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই।

অৰ্ধনগ্ন অৱস্থাত উদ্ধাৰ হোৱা মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা বুলি সন্দেহ কৰা হৈছে যদিও মৰণোত্তৰ প্ৰতিবেদনৰ পিছতহে এই বিষয়ে নিশ্চিত হ’ব পৰা যাব বুলি জনাইছে ৰে’লৱে’ সূত্ৰই।

২৪ ঘণ্টাৰ ভিতৰত দুগৰাকীকৈ মহিলাৰ ৰে’লত হত্যা হোৱাৰ পিছতো নাগৰিকত্ব বিধেয়কৰ সমৰ্থনত সততে সৰৱ ৰে’ল মন্ত্ৰী গোহাঁয়ে এতিয়াও ঘটনা সন্দৰ্ভত ৰাজ্যবাসীক আস্বস্ত কৰাকৈ কোনো মন্তব্য কৰা নাই।

সংবাদ মাধ্যম আৰু চ’চিয়েল মীডিয়াত ব্যাপক চৰ্চা হোৱা ঘটনাটোত নিমাত হৈ থকা মন্ত্ৰীজনক কালি দেখা গৈছিল নগাঁৱৰ এখন পথ সুৰক্ষা সভাত।