NORTHEAST NOW (Assamese)
অসম

নৱম শ্ৰেণীত অধ্যয়নৰত কন্যাৰ বিয়া : দৰা-মৌলবী- পিতৃৰ বিৰুদ্ধে সাংবাদিকৰ গোচৰ

Posted by: মিণ্টু দাস July 14, 2018 11:06 am
child-marriage

বাল্য বিবাহ, সমাজৰ বাবে বৰবিহ যদিও ৰাজ্যত আজিও অব্যাহত আছে।  চৰকাৰ, স্বেচ্ছাসেৱী অনুষ্ঠান আদিয়ে বাল্য বিবাহ ৰোধ কৰিবৰ বাবে চেষ্টা অব্যাহত ৰখাৰ সময়তে নগাঁও জিলাৰ বটদ্ৰৱাত এগৰাকী নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীক বিয়া দিয়া কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা বাল্য বিবাহৰ দৰে কু-প্ৰথাই সভ্য সমাজক চিন্তিত কৰাৰ সময়তে নগাঁৱত সাংবাদিকৰ তৎপৰতাত বাল্য বিবাহৰ কৱলত পৰা এগৰাকী কিশোৰীক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

এজাহাৰ
সাংবাদিক দিলদাৰ হুছেইনে আৰক্ষী থানাত দিয়া এজাহাৰৰ প্ৰতিলিপি।

জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা প্ৰায় ৯ বজাত জিলাখনৰ জাজৰি থানাৰ অন্তৰ্গত হাতীযুঁজোৱা নিবাসী ইন্নত আলীৰ ১৫ বছৰীয়া নাবালিকা কন্যাৰ সৈতে বটদ্ৰৱাৰ নিকটৱৰ্তী ছলাপথাৰৰ আব্দুল ছালামৰ পুত্ৰ আনজাৰুল ইছলামৰ  গোপনে বাল্য বিবাহ সম্পন্ন হোৱাৰ বিষয়ে গোপন সূত্ৰে জানিব পাৰে বটদ্ৰৱাৰ স্থানীয় সাংবাদিক দিলদাৰ হুছেইনে। তেওঁ লগে লগে সাংবাদিকগৰাকীয়ে এই সন্দৰ্ভত বটদ্ৰৱা আৰক্ষীক অৱগত কৰে৷

আনহাতে,আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ থানাৰ উপ-পৰিদৰ্শক মহেশ্বৰ শইকীয়াৰ নেতৃত্বত এটা আৰক্ষীৰ দলে নিশাই বিবাহ কাৰ্য সম্পন্ন হোৱা ছলপথাৰৰ আব্দুল ছালামৰ ঘৰত অভিযান চলায়। অভিযান কালত আৰক্ষীয়ে সাংবাদিক দিলদাৰ হুছেইন আৰু আমছুৰ ৰামপুৰ সত্ৰ আঞ্চলিকৰ সভাপতি নজৰুল ইছলামৰ সহযোগত আব্দুল ছালামৰ নিকট আত্মীয় নাচিৰ উদ্দিনৰ ঘৰৰ পৰা লুকৱাই থোৱা বাল্য বিবাহৰ কৱলত পৰা দুৰ্ভগীয়া নাবালিকাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

অৱশ্যে আৰক্ষীৰ অভিযানৰ বিষয়ে আগতীয়াকৈ জানিব পাৰি দৰাৰ লগতে কন্যাৰ পিতৃ আৰু দৰা ঘৰৰ লোকসকলে আত্মগোপন কৰিবলৈ সক্ষম হয়। বাল্য বিবাহত বহিবলৈ বাধ্য কৰোৱা নাবালিকাগৰাকী নৱম মানৰ ছাত্ৰী আৰু ছাত্ৰীগৰাকীক জোৰ কৰি বিবাহ কাৰ্য সম্পন্ন কৰিছিল বুলি নাবালিকা ছাত্ৰীগৰাকীয়ে আৰক্ষীক অৱগত কৰাৰ কথা জানিব পৰা গৈছে।

ইফালে, ঘটনা সংক্ৰান্তত সাংবাদিক দিলদাৰ হুছেইনে বাল্য বিবাহৰ দৰে আইন বিৰোধী কাৰ্য সম্পন্ন কৰা মৌলবী জিয়াবুৰ ৰহমান, নাবালিকাগৰাকীৰ পিতৃ ইন্নচ আলী, দৰা আনজাৰুল ইছলাম আৰু দৰাৰ পিতৃ আব্দুল ছালামৰ বিৰুদ্ধে বটদ্ৰৱা থানাত এজাহাৰ দাখিল কৰে৷

সাংবাদিকজনৰ এজাহাৰৰ ওপৰত ভিত্তিত আৰক্ষীয়ে বাল্য বিবাহ প্ৰতিৰোধ আইনৰ অধীনত ভাৰতীয় দণ্ড বিধিৰ ৯নং ধাৰাত ১৮৬/১৮ নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰি পলাতক অভিযুক্তসকলক কৰায়ত্ত কৰিবলৈ অভিযান অব্যাহত ৰাখিছে।