NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত আছাৰ নগাঁও জিলা সমিতিৰ তিনি ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী

Posted by: ৰিদিপ শৰ্মা July 16, 2018 6:22 pm
কলিয়াবৰত সদৌ অসম আদিবাসী ছাত্ৰসন্থাৰ নগাঁও জিলা সমিতিয়ে আজি কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয় প্ৰাংগণত এক তিনিঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰে।
উল্লেখযোগ্য সংগঠনটোৰ নগাঁও জিলা সমিতিয়ে ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে অসমৰ আদিবাসী লোকসকলৰ শীঘ্ৰেই জনজাতিকৰণ প্ৰদান কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰা, বিভিন্ন বিভাগত শিক্ষা গ্ৰহণৰ উদ্দেশ্যে আদিবাসী লোকসকলৰ শিক্ষাৰ্থীৰ বাবে আসন সংৰক্ষিত কৰাকে ধৰি আদিবাসী সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবী জনায়।
তিনি ঘণ্টীয়া ধৰ্ণা কাৰ্য্যসূচীৰ অন্তত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিয়ে আদিবসী লোকসকলৰ সমস্যাসমূহ সমাধানৰ দাবীত কলিয়াবৰৰ মহকুমাধিপতিৰ জৰিয়তে ৰাজ্যৰ মুখ্য মন্ত্ৰীলৈ এখনি স্মাৰকপত্ৰ প্ৰেৰণ কৰে।