NORTHEAST NOW (Assamese)
অসম

আন্তঃজিলা বক্সিং চেম্পিয়নশ্বিপত মহিলাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান বিশ্ব চেম্পিয়ন অংকুশিতা বড়োৰ

Posted by: এন ই নাও নিউজ July 17, 2018 12:41 pm
Ankushita_Boro_2-678x381

তেজপুৰৰ পল’ ফিল্ডত সদ্য সমাপ্ত আন্তঃজিলা বক্সিং চেম্পিয়নশ্বিপত শ্ৰেষ্ঠ মহিলা বক্সাৰ হিচাপে খিতাপ অৰ্জন কৰে আন্তঃৰাষ্ট্ৰীয় বক্সাৰ অংকুশিতা বড়ো ।

৪৫ কিলোগ্ৰাম শাখাত প্ৰতিদ্বণ্ডিতা কৰা অংকুশিতাই প্ৰতিযোগিতাৰ ফাইনেলত মুখা মুখি হয় ওদালগুৰিৰ আন এক প্ৰতিভাশালী বক্সাৰ লাইমন বসুমতাৰীৰ বিৰুদ্ধে। চূড়ান্ত খেলখনত লাইমনক সহজে প্ৰতিহত কৰি অংকুশিতাই লাভ কৰে স্বৰ্ণ পদক।

উল্লেখ্য যে প্ৰতিযোগিতাখনৰ মাজ ভাগতে সোঁহাতৰ আঘাতত ভোগা অংকুশিতাই স্বৰ্ণ পদক জয় কৰাৰ বাবে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বুলি সকলোৱে ধাৰণা কৰিছিল। কিন্তু অংকুশিতাই সকলোৰে ধাৰণা অসাৰ কৰি বক্সিং ৰিঙত অতি কৌশলগত ভাৱে বাঁওহাতেৰেই প্ৰতিপক্ষক আক্ৰমণ কৰে। তেওঁৰ এই বিস্ময়কৰ প্ৰতিভাৰ আগত লাইমন বসুমতাৰী নিৰ্বিকাৰ হৈ পৰে আৰু সহজে মেচখনত পৰাজয় বৰণ কৰে।

ইফালে জানিব পৰা মতে অংকুশিতা বড়োৱে বৰ্তমান নাহৰলগুণ ছাই কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

উল্লেখ্য যে বিগত বছৰৰ নবেম্বৰ মাহৰ শেষৰ ফালে গুৱাহাটীত অনুষ্ঠিত হোৱা বিশ্ব যুৱ মহিলা বক্সিং প্ৰতিযোগিতাৰ ৬৪ কেজি শাখাৰ ফাইনেলত ৰাছিয়ান প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে জয় সাব্যস্ত কৰি অংকুশিতা বড়োৱে অসমৰ ক্ৰীড়াৰ জগতত এক সোণালী ইতিহাসৰ সংযোজন ঘটাবলৈ সক্ষম হৈছিল।