NORTHEAST NOW (Assamese)
অসম

আক্ৰাছুৰ বন্ধৰ সময়চোৱাত সাধাৰণ জীৱন-যাত্ৰা ব্যাহত ওদালগুৰিত

Posted by: ছাজিদ খান July 20, 2018 9:52 pm
u-3-570x320

আক্ৰাছুৱে আহ্বান জনোৱা ৰাজ্যজুৰি ২৪ ঘণ্টীয়া বন্ধৰ সময়চোৱাত আজি ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চলত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হোৱাটো পৰিলক্ষিত হয়। বন্ধৰ সময়চোৱাত ওদালগুৰিৰ  ভিন্ন ভিন্ন স্থানত থকা দোকান-পোহাৰ আৰু চৰকাৰী, বেচৰকাৰী প্ৰতিষ্ঠানসমূহ বন্ধ থাকে।

উল্লেখ্য যে সুকীয়া কমতাপুৰ ৰাজ্য আৰু কোচ ৰাজবংশীসকলক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত যুটীয়াভাৱে এই বন্ধৰ আহ্বান জনাইছিল সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু), সদৌ অসম কোচ ৰাজবংশী মহিলা সন্মিলনী (AKRMS) আৰু চিলাৰায় সেনাই।

ওদালগুৰি জিলাৰ গুৰুত্বপূৰ্ণ চহৰাঞ্চল যেনে কলাইগাঁও, টংলা, ডিমাকুছি, মাজবাট, খৈৰাবাৰী, ৰৌতা, হৰিশিঙা বাজবাট, পানেৰি, ওদালগুৰিত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰাটো পৰিলক্ষিত হয়।

বন্ধৰ সময়চোৱাত ওদালগুৰিৰ বিভিন্ন ব্যস্ত পথ উপপথ সমূহত ব্যক্তিগত, ৰাজহুৱা আৰু বাণিজ্যিক- সকলো প্ৰকাৰৰ যান-বাহনৰ চলাচল বন্ধ আছিল।

বন্ধৰ সময়চোৱাত বন্ধৰ সমৰ্থকৰ দ্বাৰা সংঘতিত হ’ব পৰা যিকোনো অনাকাংক্ষিত ঘটনাৰ সৈতে মোকাবিলা কৰাৰ বাবে অৰ্ধ সামৰিক আৰু আৰক্ষী বাহিনীৰ লোকে জিলাখনৰ বিভিন্ন স্থানত তহল দি থকা দেখা গৈছিল।

উল্লেখ্য যে আজি আবেলি এই প্ৰতিৱেদন লিখি উঠাৰ পৰলৈকে কোনো অপ্ৰীতিকৰ ঘটনা ঘটাৰ বাতৰি পোৱা হোৱা নাই।