NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ বংকোৱালত বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ গ্ৰীষ্মকালীন প্ৰকৃতি শিবিৰ

Posted by: উত্তম শইকীয়া July 21, 2018 3:14 pm
IMG-20180721-WA0040

অসমৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যক আৰু বোকাখাত মহকুমাৰ বংকোৱালৰ পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ যৌথ উদ্যোগত ২০ জুলাইৰ পৰা বংকোৱাল উচ্চ মাধ্যমিক বিদ্যালয় পাঁচ দিনীয়া কাৰ্যসূচীৰে এক গ্ৰীষ্মকালীন প্ৰকৃতি শিবিৰৰ শুভাৰণি হয় ৷

বান অধ্যুষিত বংকোৱাল এলেকাৰ ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বিষয়ে ইতিবাচক সজাগতা সৃষ্টিৰ উদ্দেশ্যে আয়োজিত এই ৫ দিনীয়া প্ৰকৃতি শিবিৰত বন আৰু বন্যপ্ৰাণীৰ বিষয়ে বিভিন্ন সমল ব্যক্তিয়ে ছাত্ৰ-ছাত্ৰীক পাঠদান কৰে ৷ লগতে পৰিৱেশ শিক্ষাৰ বিভিন্ন খেল ধেমালীও কৰা হয় ৷

২০ জুনৰ পুৱা আয়োজিত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি মহুৰামুখ মহিলা সমিতিৰ সভানেত্ৰী ক্ষীৰেশ্বৰী বৰাই আনুষ্ঠানিকভাৱে এই শিবিৰ উদ্বোধন কৰে ৷ আৰণ্যকৰ প্ৰকল্প বিষয়া আৰিফ হুছেইনে আঁত ধৰা এই উদ্বোধনী অনুষ্ঠানত গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া, বংকোৱালৰ গাওঁবুঢ়া অজিত দাৱ,  আৰণ্যকৰ নীৰেন সিং, ইভান লইং,  বাবুকান্ত লইং আৰু বংকোৱাল পাৰিপাৰ্শ্বিক উন্নয়নৰ সভাপতি প্ৰশান্ত মৰাং উপস্থিত থাকে ৷

শিবিৰৰ প্ৰথম দুটা দিনত ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া আৰু প্ৰকল্প বিষয়া আৰিফ হুছেইনে বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ আইন, পাৰিপাৰ্শ্বৰ ধেমালীৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ বন্যপ্ৰাণীৰ ওপৰত বিষদ বিৱৰণ দাঙি ধৰে ৷

বংকোৱালত প্ৰথমবাৰৰ বাবে আয়োজিত পাঁচদিনীয়া এই প্ৰকৃতি শিবিৰত বংকোৱাল অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ মুঠ ৫৯ জন ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহন কৰে ৷ ২৬ জুলাইত সামৰণী পৰিব লগা এই শিবিৰত অংশগ্ৰহনকাৰী ছাত্ৰ ছাত্ৰীক একোখনকৈ মানপত্ৰ প্ৰদান কৰা হ’ব ৷