NORTHEAST NOW (Assamese)
অসম

ছয় জনগোষ্ঠীৰ ১২ ঘণ্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ ওদালগুৰিত

Posted by: ছাজিদ খান July 23, 2018 8:31 pm
IMG-20180723-WA0013

আজি অসমৰ অন্য অংশৰ লগতে ওদালগুৰিতো বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। ছয় জনগোষ্ঠীৰ দ্বাৰা অনুসুচিত জনজাতিকৰণৰ দাবীত আহ্বান জনোৱা ১২ ঘণ্টীয়া বন্ধৰ সময়চোৱাত ওদালগুৰিৰ স্বাভাৱিক জীৱনযাত্ৰা বাধাগ্ৰস্ত হৈ পৰে।

বন্ধৰ সময়চোৱাত ওদালগুৰিৰ ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰী আৰু ব্যক্তিগত কাৰ্যালয়, বজাৰ, দোকান-পোহাৰ আদি বন্ধ হৈ থকা পৰিলক্ষিত হয়।

ওদালগুৰি জিলাৰ গুৰুত্বপূৰ্ণ চহৰাঞ্চল যেনে কলাইগাঁও, টংলা, ডিমাকুছি, মাজবাট, খৈৰাবাৰী, ৰৌতা, হৰিশিঙা মাজবাট, পানেৰি, ওদালগুৰি আদি  জিলাখনৰ গুৰুত্বপূৰ্ণ চহৰসমূহত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হয়।

বন্ধৰ সময়চোৱাত জিলাখনৰ এই এলেকাসমূহত নিৰাপত্তাৰক্ষী আৰু জৰুৰীকালীন সেৱাসমূহৰ যান-বাহনৰ বাহিৰে অন্য যান-বাহনৰ চলাচল বন্ধ আছিল।

উল্লেখ্য যে এই বন্ধটো প্ৰথমতে ৪৮ ঘণ্টীয়াকৈ ঘোষণা কৰা হৈছিল যদিও সোমবাৰে পুৱা এই বন্ধৰ সময়সীয়া ১২ ঘণ্টালৈকে হ্ৰাস কৰা হয়।

স্মৰ্তব্য যে মৰাণ, মটক, কোচ ৰাজবংশী, তাই আহোম, চুতীয়া আৰু আদিবাসী সম্প্ৰদায়ে দীৰ্ঘদিন ধৰি অনূসূচিত জনজাতিৰ মৰ্যাদা দাবী কৰি আহিছে। এই ছটা সম্প্ৰদায়ে বিশ্বাস কৰে যে যদিহে তেওঁলোকক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হয় তেন্তে তেওঁলোকে শিক্ষা আৰু চৰকাৰী নিয়োগৰ ক্ষেত্ৰত সংৰক্ষণৰ সুবিধা লাভ কৰিব।