NORTHEAST NOW (Assamese)
অসম

আন্তঃজিলা টাইকোৱানডোৰ বাবে ঘোষণা নলবাৰীৰ ২৫ জনীয়া দল

Posted by: এন ই নাও নিউজ July 24, 2018 10:33 am
taekwondo-font-vector-14094458

অহা ২৬ জুলাইৰ পৰা ডিব্ৰুগড় চহৰত চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব ৩৫সংখ্যক সদৌ অসম আন্তঃজিলা টাইকোৱানডো প্ৰতিযোগিতা। প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে সোমবাৰে নলবাৰী জিলা টাইকোৱানডো সন্থাই জিলাখনৰ ২৫ জনীয়া খেলুৱৈৰ দলটো ঘোষণা কৰে।

সোমবাৰে নলবাৰী চহৰস্থিত আগশাৰীৰ শিক্ষানুষ্ঠান মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানৰ যোগেদি সন্থাৰ অন্তৰ্গত খেলুৱৈসকলক শুভেচ্ছাও প্ৰদান কৰা হয়।

ইয়াৰ উপৰি ২৫ জনীয়া খেলুৱৈৰ দলটোৰ আটাইকেইজন সদস্যকে নলবাৰীস্থিত টি ভি এছ কৃষ্ণা মটৰ্ছৰ তৰফৰ পৰা দিপালী ডেকা বৰ্মনে একোটাকৈ টি-ছাৰ্ট প্ৰদান কৰে।

উল্লেখ্য যে প্ৰতিযোগিতাখনৰ বাবে নলবাৰী দলৰ পৰিচালকৰূপে প্ৰণৱ তালুকদাৰ, ৰাজকুমাৰ শৰ্মাৰ লগতে কমল ছুৱাৰিক দায়িত্ব অৰ্পণ কৰা হৈছে বুলি টাইকোৱানডো সন্থাৰ সাধাৰণ সম্পাদক দিগন্ত বৰ্মনে জানিবলৈ দিয়ে।