NORTHEAST NOW (Assamese)
অসম

ফেচবুক আৰু এলাৰ্ট আছাম পুলিচৰ তৎপৰতাত আত্মহত্যাৰ পৰা ৰক্ষা পৰিল নাবালিকা

Posted by: এন ই নাও নিউজ July 25, 2018 7:27 pm
p-3-570x320

অসম আৰক্ষীৰ স্মাৰ্ট ছ’চিয়েল মেডিয়া চেণ্টাৰৰ তৎপৰতাত আত্মহত্যাৰ প্ৰৱণতা থকা এগৰাকী নাবালিকা আত্মহত্যাৰ ৰক্ষা পৰিছে।

আৰক্ষী বিষয়াসকলে প্ৰকাশ কৰিছে যে জুলাইৰ ২৩ তাৰিখে ফেচবুকৰ প্ৰধান কাৰ্যালয়ৰ পৰা অসম আৰক্ষীলৈ এটা বাৰ্তা আহিছিল যে এগৰাকী নাবালিকাই অতি সোনকালে আত্মহত্যা কৰিবলৈ গৈ আছে।

অসম আৰক্ষীৰ স্মাৰ্ট ছ’চিয়েল মেডিয়া চেণ্টাৰ এই ক্ষেত্ৰত নাবালিকাগৰাকীৰ ৰক্ষাকৰ্তাৰ ভূমিকাত অৱতীৰ্ণ হ’ল।

এগৰাকী বিষয়াই প্ৰকাশ কৰা অনুসৰি এই তথ্য লাভ কৰি অসম আৰক্ষীৰ ছ’চিয়েল মেডিয়া উইংটোৱে সংশ্লিষ্ট স্থানীয় কৰ্তৃপক্ষৰ সৈতে সৃযোগ স্থাপন কৰি ৩০ মিনিটৰ ভিৰতে নাবালিকাগৰাকীৰ স্থান নিৰূপণ কৰি তেওঁৰ নিৰাপত্তা নিশ্চিত কৰে।

ইয়াৰ পূৰ্বে নাবালিকাগৰাকীয়ে তেওঁৰ ফেচবুক ষ্টেটাছ আপডেট কৰিছিল এনেদৰে—‘‘মই আজি আত্মহত্যা কৰিম’’

অৰক্ষীয়ে জনাইছে যে  নাবালিকাগৰাকী আৰু তেওঁৰ পৰিয়ালক মনোবৈজ্ঞানিক পৰামৰ্শ প্ৰদান কৰা হৈছে। নাবালিকাগৰাকীৰ দ্বাৰা তেওঁৰ ছ’চিয়েল মেডিয়া পোষ্টটোও আঁতৰাই দিওঁৱা হৈছে। বৰ্তমান নাবালিকাগৰাকী তেওঁৰ পৰিয়ালৰ সৈতে আছে।

অসম আৰক্ষীৰ সময়োপযোগী হস্তক্ষেপত এটা সাম্ভাব্য কৰুণ ঘটনা সংঘটিত পৰা ৰক্ষা পৰিল।

উল্লেখ্য যে অসম আৰক্ষীৰ ছ’চিয়েল মেডিয়া উইংটো শেহতীয়াভাৱে যথেষ্ট সক্ৰিয় হৈ উঠিছে আৰু এটা পৰিৱৰ্তন আনিবলৈ আৰম্ভ কৰিছে। স্মাৰ্ট ছ’চিয়েল মেডিয়া চেণ্টাৰে মানুহক সহায় কৰা, উৰা বাতৰিৰ বিপক্ষে যুদ্ধ কৰাই নহয়, জীৱনো ৰক্ষা কৰি আছে।

যুৱচামৰ সৈতে ভালদৰে সংযোগ সেতু গঢ়াৰ বাবে অসম আৰক্ষীয়ে শেহতীয়াভাৱে ছ’চিয়েল মেডিয়াত #Thethinkcampaign নামেৰে এটা অভিযান আৰম্ভ কৰিছে। এই অভিযানত শিশু নিৰাপত্তা, মহিলা নিৰাপত্তা, নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ, সামাজিক অপশক্তি আৰু ছ’চিয়েল মেডিয়া নীতিশাস্ত্ৰ আদিৰ সৈতে জড়িত সমস্যাৱলী সামৰি লোৱা হ’ব। সৃষ্টিশীল দৃশ্য মাধ্যমৰ জড়িয়তে অসম আৰক্ষীয়ে এটা সজাগতাৰ সৃষ্টি কৰিবলৈ বিছাৰিছে।

উল্লেখ্য যে কাৰ্বি আংলঙত বৰ্বৰোচিত নিৰ্বিচাৰ ৰাজহুৱা হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছত ৰাজ্যত গণ সচেতনতা বৃদ্ধি কৰাৰ বাবে ব্যাপক ছ’চিয়েল মেডিয়াৰ ব্যৱহাৰ ব্যাপক কৰি তোলা হৈছে। আকৰ্ষণীয় আৰু ব্যংগাত্মক টুইটসমূহে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম