NORTHEAST NOW (Assamese)
অসম

অসমৰ প্ৰাথমিক বিদ্যালয়সমূহত খালী হৈ আছে ২০,১০৫টা শিক্ষকৰ পদ

Posted by: এন ই নাও নিউজ July 28, 2018 9:04 am
education

বৰ্তমান অসমৰ প্ৰাথমিক বিদ্যালয়সমূহত মুঠ ২০,১০৫টা শিক্ষকৰ পদ খালী হৈ আছে। ৰাজ্যৰ বহুসংখ্যক বিদ্যালয় এজনীয়া শিক্ষকেৰে চলি থকাৰ সময়তে ৰাজ্য সভাত এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় মানৱ সম্পদ বিভাগৰ ৰাজ্য মন্ত্ৰীয়ে।

ৰাজ্য সভাত মন্ত্ৰী উপেন্দ্ৰ কুশৱাহাই প্ৰকাশ কৰা মতে, অসমত প্ৰাথমিক খণ্ডত অনুমোদিত শিক্ষকৰ পদৰ সংখ্যা হৈছে মুঠ ২,০৪৬০৭টা। ইয়াৰে ৰাজ্য চৰকাৰৰ অধীনত ১৫৮৯২১টা পদ থকাৰ বিপৰীতে সৰ্বশিক্ষাৰ অধীনত থকা পদৰ সংখ্যা হ’ল ৪৫৬৮৬টা। কিন্তু বৰ্তমান ৰাজ্যখনত কৰ্মৰত শিক্ষকৰ সংখ্যা হৈছে ১,৮৪,৫০২জন।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মতে, সম্প্ৰতি ৰাজ্য চৰকাৰৰ অধীনত থকা ৬৮৮৮টা আৰু সৰ্বশিক্ষাৰ অধীনত ১৩২১৭টা শিক্ষকৰ পদ খালী হৈ আছে।

উল্লেখ্য যে, অসমৰ প্ৰাথমিক শিক্ষা খণ্ডত খালী হৈ থকা  বৃহৎসংখ্যক  পদ পূৰণৰ বাবে ৰাজ্যখনৰ বিভিন্ন দল-সংগঠনে দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি আহিছে যদিও ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। বাহিৰৰ প্ৰায়বোৰ ৰাজ্যতে প্ৰাথমিক শিক্ষাত এনেদৰে বৃহৎ সংখ্যক পদ খালী হৈ থকাৰ উদাহৰণ নাই।