NORTHEAST NOW (Assamese)
অসম

গোৱালপাৰাৰ কৃষ্ণাইত পিষ্টল আৰু সক্ৰিয় গুলীৰ সৈতে এজন যুৱকক আটক

Posted by: নীলমণি শৰ্মা July 28, 2018 8:39 pm
IMG-20180728-WA0009

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত নিষিদ্ধ ঘোষিত সশস্ত্ৰ সংগঠনসমূহে কূটাঘাতৰ মনোবৃত্তিৰে অসমৰ বিভিন্ন ঠাইত বাহৰ পাতি থকা উগ্ৰপন্থী সদস্যৰ বিৰুদ্ধে এই কেইদিন সেনা আৰু আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে আজি গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত বেকীপুল বজাৰৰ পৰা ভাৰতীয় সেনা বাহিনীৰ গোৰ্খা ৰেজিমেন্টে অস্ত্ৰসহ এজন যুৱকক আটক কৰে।

আটক কৰা যুৱক জন দুধনৈৰ যাদৱ দাস বুলি জানিব পৰা গৈছে৷ যাদৱৰ হাতৰ পৰা এটা হস্ত নিৰ্মিত পিষ্টল আৰু দুটা সক্ৰিয় গুলী উদ্ধাৰ কৰা বুলি সেনাই দাবী কৰিছে৷

ইফালে লোকজনক আটক কৰা ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ স্থানীয় ৰাইজে এয়া সেনা বাহিনীৰ পূৰ্বপৰিকল্পিত নাটক বুলিহে গুৰুতৰ অভিযোগ আনিছে৷

ৰাইজৰ অভিযোগ অনুসৰি, স্বাধীনতা দিৱসৰ পূৰ্বে গোৰ্খা ৰেজিমেন্টে যাদৱ দাসৰ দৰে নিৰীহ যুৱকক উগ্ৰপন্থী সজাই আটক কৰাটো সমাজৰ বাবে দুৰ্ভাগ্য জনক ঘটনা৷ সেনাৰ এনে কাৰ্য শীঘ্ৰে বন্ধ কৰিবলৈ ৰাইজে জিলা প্ৰশাসনৰ ওচৰত দাবী জনাইছে৷