NORTHEAST NOW (Assamese)
অসম

জনস্বাস্থ্যৰ প্ৰতি ভেঙুচালি : খোৱা পানীৰ বটলত মৃত মকৰা

Posted by: ৰাজীৱ দত্ত July 29, 2018 6:32 am
খোৱাপানীৰ বটলত মকৰা

খোৱাপানীৰ নামত জনসাধাৰণক বৰ বিহ খুৱাইছে বহু জাতিক কোম্পানীয়ে। সেইদৰে জনস্বাস্থ্যৰ প্ৰতি কোনো গুৰুত্ব নাই খাদ্য আৰু যোগান বিভাগৰ। উৎকট গৰমৰ বতৰত বজাৰত সহজে উপলব্ধ পানী খাওঁতে সাৱধান হ’ব। কিয়নো এইবাৰ খোৱাপানীৰ বটলত ওলাইছে মৃত মকৰা।

যোৰহাট জিলাৰ চেলেংহাট পিঠাখোৱাৰ এগৰাকী মহিলাই দোকানৰ পৰাই ক্ৰয় কৰা স্পেলশ নামৰ এটা পানীৰ বটলৰ ভিতৰত ওলাইছে মৃত মকৰা। চেলেংহাটৰ বাসিন্দা মনি গগৈ নামৰ এগৰাকী মহিলাই শুকুৰবাৰে নিশা আমগুৰি ৰে’ল ক্ৰচিঙৰ সমীপৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ক্ৰয় কৰা স্পে্লশ (SPLASH) নামৰ কোম্পানীৰ পানীৰ বটলটোৰ পানী খাৱলৈ লওঁতে প্ৰতক্ষ্য কৰে বটলৰ ভিতৰত সোমাই থকা এটা মৃত মকৰা।

উল্লেখ্য যে চৰকাৰৰ বিয়াগোম খাদ্য আৰু যোগান বিভাগ আছে যদিও জনসাধাৰণৰ খাদ্যৰ ওপৰত গুৰুত্ব নিদিয়ে বিভাগটোৱে।বহু সময়ত বিভিন্ন ব্যৱসায়ী প্ৰতিষ্ঠানৰ খাদ্যত পোক পতংগ পৰিলক্ষিত হৈছে আহিছে যদিও নাই বিভাগটোৰ গা লৰা নাই।

আনহাতে, জনস্বাস্থ্যৰ প্ৰতি ভেঙুচালি কৰি কোম্পানীসমূহে খাদ্যবস্তুৰ গুণাগুণ পৰীক্ষা নকৰাৰ অভিযোগৰ লগতে বজাৰত সুলভ হৈ পৰা কোম্পানীসমূহৰ সামগ্ৰীৰ ওপৰত সংশ্লিষ্ট বিভাগে নজৰ ৰখাৰ দাবী তুলিছে সচেতন ৰাইজে।