NORTHEAST NOW (Assamese)
অসম

বোকাখাতত মহকুমা প্ৰশাসন-প্ৰকৃতি সংগঠনৰ উদ্যোগত বিশ্ব ‘বাঘ দিৱস’ উদযাপন

Posted by: উত্তম শইকীয়া July 30, 2018 8:46 am
t1-570x320

বিশ্বৰ বিভিন্ন স্থানৰ লগতে দেওবাৰে বোকাখাততো বোকাখাত মহকুমা প্ৰশাসন,  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বিশ্ব প্ৰকৃতি নিধিৰ উদ্যোগত বিশ্ব ‘বাঘ দিৱস’ উদযাপন কৰা হয়৷

বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভা কক্ষত অনুষ্ঠিত দিৱসত মুখ্য অতিথি হিচাবে উপস্থিত থাকে কেবিনেট মন্ত্ৰী অতুল বৰা, পশুপালন আৰু পশুচিকিৎসা বিভাগৰ আয়ুক্ত সচিব শ্যাম জগন্নাথন আৰু পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালক ডাঃ অনুপ কুমাৰ দাস৷

পুব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ ৰোহিনী বল্লভ শইকীয়াই আদৰণী ভাষণ দিয়া এই দিৱসত গোলাঘাট জিলাৰ উপায়ুক্ত গৌৰৱ বোথ্ৰা, অতিৰিক্ত উপায়ুক্ত উৎপল দলে,  বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম আৰু মহকুমা আৰক্ষী বিষয়া বিতুল চেতিয়াও উপস্থিত থাকে৷

বিশ্ব বাঘ দিৱসৰ এই অনুষ্ঠান আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই ৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেবিনেট মন্ত্ৰী অতুল বৰাই মহকুমা প্ৰশাসনৰ উদ্যোগত বাঘ দিৱস উদযাপন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷

বাঘ মানুহৰ সংঘাত নিৰাময়ৰ ক্ষেত্ৰত চৰকাৰী-বেচৰকাৰী সকলো অনুষ্ঠানক আন্তৰিকতাৰে কাম কৰিবৰ বাবে মন্ত্ৰী গৰাকীয়ে আহ্বান জনায় ৷ বিশ্ব প্ৰকৃতি নিধিৰ হৈ ড৹ প্ৰনৱ জ্যোতি বৰাই বাঘে মৰা পশুধনৰ ক্ষেত্ৰত ক্ষতিগ্ৰস্ত লোকক বৰ্তমানতকৈ অধিক ক্ষতিপূৰণ দিয়াৰ বাবে বিহিত ব্যৱস্থা গ্ৰহনৰ বাবে মন্ত্ৰী অতুল বৰাক অনুৰোধ জনায় ৷

অনুষ্ঠানত  ” বাঘ সংৰক্ষণত সৰ্বসাধাৰণ ৰ দায়বদ্ধতা শীৰ্ষক মুল বিষয়ৰ ওপৰত সচিত্ৰ উপস্থাপনেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই বাঘ গননা,  বাঘ্ৰ প্ৰকল্প , বাঘৰ প্ৰয়োজনীয়তা,  প্ৰাকৃতিক ভাৰসাম্যতাত বাঘৰ ভুমিকা আৰু বাঘ সংৰক্ষণ সম্পৰ্কত উপস্থিত লোকৰ সৈতে মত বিনিময় কৰে।

অনুষ্ঠানত বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি,  নেতৃস্থানীয় লোক, জেষ্ঠ নাগৰিক আৰু ছাত্ৰ ছাত্ৰীয়েও অংশ গ্ৰহন কৰে ৷ মনোজ্ঞ এই আলোচনাত মহকুমা দণ্ডাধীশ শান্তনু গগৈ,  নিৰ্বাচনী বিষয়া জিমলী শইকীয়া কাকতি,  ডা০ বোধেশ্বৰ গগৈ,  জেষ্ঠ সাংবাদিক স্বপন নাথ, অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া আৰু জেষ্ঠ শিল্পী জিতেন শৰ্মা ৰাজখোৱাই অংশ গ্ৰহন কৰে৷

একেদৰে বোকাখাত মহকুমাৰ বংকোৱাল উচ্চ মাধ্যমিক বিদ্যালয়তো প্ৰকৃতি সংগঠন আৰণ্যকৰ উদ্যোগত দিন জোৰা কাৰ্যসুচীৰে বিশ্ব বাঘ দিৱস পালন কৰা হয়৷ বংকোৱালত ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আৰু বাঘ সংৰক্ষণৰ তথ্য চিত্ৰ প্ৰদৰ্শন কৰা হয় ৷