NORTHEAST NOW (Assamese)
অসম

এন আৰ চিৰ পূৰ্ণাংগ খচৰা প্ৰকাশ : আলফাৰ আদৰণি

Posted by: এন ই নাও নিউজ July 30, 2018 1:46 pm
ulfa

 

আজি প্ৰকাশ পোৱা এনআৰচিৰ চূড়ান্ত খচৰাক আলফাই আদৰণি জনাইছে। ইয়াক এক ঐতিহাসিক ক্ষণ বুলি আখ্যা দিছে আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই। আগন্তুক দিনতো আলফাই এইক্ষেত্ৰত সহযোগিতা আগবঢ়াই যাব বুলি সদৰী কৰিছে।

আনহাতে, এনআৰচিৰ এই ঐতিহাসিক দিনটোলৈআগবাঢ়ি অহাৰ বাটত প্ৰক্ৰিয়াটোত হাজাৰ বিধি পথালি অতিক্ৰম কৰাত সদৌ অসম ছাত্ৰ সন্থা আৰু আৰু আসাম পাব্লিক ৱ’ৰ্কছৰ নেতৃত্বই গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰো শলাগ লৈ আলফাই ধন্যবাদ জনাইছে।

তদুপৰি, বিগত সাত বছৰে চলাই অহা অসম-ভাৰতৰ সংঘাতৰ ৰাজনৈতিক সমাধান প্ৰক্ৰিয়া ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বাবে অপেক্ষা কৰি থকাৰ কথাও উল্লেখ কৰি আলফাৰ সভাপতিগৰাকীয়ে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্ব আৰু বৈশিষ্ট্য সুৰক্ষিত হোৱা প্ৰস্তাৱ আলফাই দাখিল কৰা বুলি ব্যক্ত কৰে।

আলফাই প্ৰক্ৰিয়াটো চূড়ান্ত পৰ্যায়ত উপনীত হ’বলৈ কৰা এই চেষ্টাত অসমৰ সমূহ জাতীয় সংগঠন আৰু জনগণৰ সহযোগিতা কামনা কৰিছে।

উল্লেখযোগ্য যে আজি প্ৰকাশ পোৱা এন আৰ চিৰ পূৰ্ণাংগ তথা চূড়ান্ত খচৰাক ৰাজ্যখনৰ সকলোবোৰ জাতীয় দল সংগঠনে আদৰণি জনাইছে।