NORTHEAST NOW (Assamese)
অসম

গ্ৰেটাৰ নাগালিম চুক্তি ৰাজহুৱাকৰণ তথা বিভিন্ন দাবী সন্নিবিষ্ট স্মাৰকপত্ৰ প্ৰদান প্ৰধান মন্ত্ৰীলৈ

Posted by: এন ই নাও নিউজ December 21, 2017 1:49 pm

গ্ৰেটাৰ নাগালিমত অসমৰ বৃহৎ ভূখণ্ড অন্তৰ্ভুক্ত হোৱাৰ খবৰ ওলোৱা তথা চুক্তি ৰাজহুৱা নকৰাৰ বাবে বিভিন্ন সময়ত দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে। ঠিক সেইদৰে বিভিন্ন সময়ত অসম-নাগালেণ্ডৰ সীমান্তৱৰ্তী এলেকাত এন এচ চি এন তথা নাগা সংগঠনে অসমীয়া লোকক ধন দাবী, চাহ বাগান উচ্ছেদ তথা নানা হাৰাশাস্তি কৰি আহিছে। এই কাৰ্যত ক্ষুব্ধ হৈ অসম ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদে ১৯ টা দাবীৰে বুধবাৰে শিৱসাগৰ জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

প্ৰধান মন্ত্ৰীলৈ প্ৰেৰণ কৰা উক্ত স্মাৰক পত্ৰখনত উল্লেখিত বিভিন্ন দাবী সমূহ হ’ল কেন্দ্ৰ আৰু নগা বিদ্ৰোহীৰ মাজত হোৱা নাগালিম গঠনৰ যি চুক্তি তাক ৰাজহুৱা কৰা, সীমান্তত বাস কৰা চাহ খেতিয়ক তথা স্থানীয় লোক সকলৰ জীৱনৰ নিৰাপত্তা প্ৰদান কৰা, এন আৰ চিৰ জৰিয়তে ধৰ্মৰ ভিত্তিত হিন্দু বাংলাদেশীক সংস্থাপিত কৰিবলৈ লোৱা হিতকাৰী সিদ্ধান্ত বাতিল কৰা, হাতী-মানুহৰ সংঘাতৰ সমস্যা সমাধান কৰা, লাখ লাখ নিৱনুৱাক সংস্থাপনৰ সুবিধা প্ৰদান কৰা, ডিব্ৰুগড় আৰু গোলাঘাট জিলাত একোটাকৈ চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা, বিভিন্ন সংৰক্ষিত বনাঞ্চলৰ পৰা উচ্ছেদিত ভূমিপুত্ৰ সকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিয়া, বৃহৎ পূজিপতি ব্যৱসায়ী সকলে ক্ষুদ্ৰ চাহ খেতিয়ক সকলক শোষন কৰি থকা কাৰ্য বন্ধ কৰা, লগতে বিভিন্ন জাতীয় সমস্যা সমাধানৰ ব্যৱস্থা কৰি দিয়া।

উল্লেথযোগ্য যে যদিহে কেন্দ্ৰই এই দাবী সমূহ অতি শীঘ্ৰে মানি নলয় তেতিয়া হ’লে অনাগত সময়ত অসম ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদে ৰাজ্যত তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিব বুলি আমাৰ আগত প্ৰকাশ কৰে।