NORTHEAST NOW (Assamese)
অসম

মেঘালয়ৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান হ’ব আৰ এম সিং

Posted by: এন ই নাও নিউজ July 31, 2018 9:52 am
Meghalaya-Police-570x320

অসম-মেঘালয় কেডাৰৰ ১৯৮৪-বৰ্ষৰ এগৰাকী ভাৰতীয় আৰক্ষী সেৱাৰ (আইপিএছ) বিষয়া ৰাজীৱ মোহন সিঙক শীঘ্ৰেই  মেঘালয়ৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) হিচাপে নিযুক্তি দিয়া হ’ব।

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে বৰ্তমান অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান (সীমান্ত শাখা) হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সিঙক এছ বি সিঙৰ স্থানত স্থলাভিষিক্ত কৰা হ’ব। উল্লেকযোগ্য যে মুখ্যমন্ত্ৰীৰ সুৰক্ষা উপদেষ্টা হিচাপে কুলবীৰ কৃষানক নিযুক্তি দিয়াৰ পিছতে ডিজিপি এছ বি সিঙে পদত্যাগ কৰিছিল।

অসম আৰক্ষীৰ আটাইতকৈ জ্যেষ্ঠ আইপিএছ বিষয়া হোৱা সত্ত্বেও মুকেশ সহায়ৰ অৱসৰৰ পিছত ডিজিপি পদৰ বাবে সিঙক নিৰ্বাচিত কৰা হোৱা নাছিল। অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে সিঙতকৈ এবছৰ কনিষ্ঠ আইপিএছ বিষয়া কুলধৰ শইকীয়াক ডিজিপি হিচাপে নিযুক্তি দিয়ে।

R-M-Singh
আৰ এম সিং

পূৰ্বতে সিং অসম আৰক্ষীৰ বিশেষ ডিজিপি (আইন আৰু শৃংখলা) হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। সূত্ৰসমূহে জানিব দিয়া মতে মঙলবাৰে সিঙৰ নিযুক্তিৰ আনুষ্ঠানিক ঘোষণা কৰা হ’ব। অৱশ্যে, মেঘালয়ৰ পৰৱৰ্তী ডিজিপিৰ নিযুক্তি সম্পৰ্কত কোনোৱে মুখ খুলিব খোজা নাই।

‘’ মেঘালয়ৰ ডিজিপি হিচাপে মোৰ নিযুক্তি সম্পৰ্কে কোনোৱে মোক একো জনোৱা নাই,’’- সোমবাৰে সন্ধিয়া আৰ এম সিঙে নৰ্থইষ্ট নাওক জানিবলৈ দিয়ে। আনকি তেওঁক নিযুক্তি দিলেও ডিজিপি হিচাপে সিঙে দীঘলীয়া কাৰ্যকাল লাভ নকৰিতেওঁক নিযুক্তি দিলেও ডিজিপি হিচাপে সিঙে দীঘলীয়া কাৰ্যকাল লাভ নকৰিব। তেওঁ অহা ২০১৯ ৰ মে’ মাহত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিব।